--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিৰা খাবলৈ সোৱাদ হোৱাৰ লগতে শৰীৰে ইয়াৰ পৰা প্ৰচুৰ খাদ্যগুণ লাভ কৰে। ৰাতিপুৱাৰ আহাৰৰ এই জলপানৰ বিশেষ গুৰুত্ব থাকে। পুৱাৰ আহাৰত বহু মানুহে জলপান খাই ভাল পায় আৰু কিছুমানে ৰুটী-ভাজি বা অন্যান্য খাদ্যবস্তু খায়।


ৰাতিপুৱাৰ আহাৰত বহু মানুহেই চিৰা অন্তর্ভুক্ত কৰিব বিচাৰে। চিৰাত আৱশ্যকীয় ভিটামিন, প্র'টিন, কেলচিয়াম, স্নেহ পদার্থ যথেষ্টভাৱে নিহিত থাকে। ৰাতিপুৱাৰ আহাৰত চিৰা সপ্তাহত কমেও দুই বা চাৰিবাৰ খাব লাগে। কাৰণ চিৰা বহু পুষ্টিৰে সমৃদ্ধ। ইয়াক খোৱাৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। ৰাতিপুৱাৰ আহাৰত চিৰা কিয় খাব লাগে জানো আহক।


১) সোৱাদৰ সৈতে পুষ্টিঃ চিৰাই সোৱাদৰ লগতে পুষ্টিও যোগান ধৰে। চিৰা মিঠা জলপান হিচাপে খোৱা হয় যদিও কিছুমানে কেতিয়াবা ইয়াক নিমখীয়া হিচাপেও গ্ৰহণ কৰে। নিমখীয়াকে প্রস্তুত কৰিবলৈ হ'#লে তিয়াই থোৱা চিৰাখিনি কম তেল ব্যৱহাৰ কৰি ভাজিব লাগে আৰু তাত ভিন্ন পাচলি, কাজু-কিচমিচ আদি ব্যৱহাৰ কৰা হয়। যেনেদৰে খালেও চিৰাৰ পৰা শৰীৰে পুষ্টি লাভ কৰে।

২) আইৰণৰ অভাৱ পূৰণ হয়ঃ চিৰাই শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰে। যিসকলৰ শৰীৰত তেজ কম থাকে তেওঁলোকে ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিব পাৰে। চিৰাৰ যথেষ্ট আইৰণৰ গুণাগুণ আছে। চিৰাই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।


৩) ব্লাড ছুগাৰ নিয়ন্ত্ৰণঃ চিৰাত উচ্চ আঁহ বা ফাইভাৰ আৰু আইৰণ থাকে। চিৰা খাই ব্লাড ছুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি। চিৰা ডায়েবেটিচ ৰোগীসকলৰ বাবে এটা ভাল ৰাতিপুৱাৰ আহাৰ হ'ব পাৰে।


৪) গেছ বা বদহজমৰ কোনো সমস্যা নাইঃ ৰাতিপুৱাৰ আহাৰত চিৰা অন্তৰ্ভুক্ত কৰিলে গেছ আৰু বদহজমৰ দৰে সমস্যা নহয়। একে সময়তে, কোষ্ঠকাঠিন্য হ্রাস হোৱাত চিৰাই সহায় কৰে। ইয়াক খোৱাৰ ফলত পেট গধুৰো নহয়।


৫) শক্তি পোৱা যায়ঃ ৰাতিপুৱাৰ আহাৰত চিৰা খোৱাটোৱে শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই আপোনাক দিনটোলৈ সক্ৰিয় ৰখাত সহায় কৰে। চিৰাত যথেষ্ট পৰিমাণৰ কাৰ্বহাইড্রেট থাকে, যি শৰীৰক শক্তি প্ৰদান কৰে। চিৰাই পেটটো দীঘলীয়া সময়ৰ বাবে ভৰাই ৰাখে।


গতিকে অসমীয়া স্বাস্থ্যসন্মত জলপান চিৰা খাই নিজেও স্বাস্থ্যৱান হৈ থাকক আৰু পৰিয়ালটোকো স্বাস্থ্যৱান কৰি ৰখাত গুৰুত্ব প্ৰদান কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?