--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : বিস্ফোৰক স্বীকাৰোক্তিৰে বিভিন্ন সময়ত সংবাদ শিৰোনাম দখল কৰা বলীউড জগতৰ অন্যতম এটা নাম নীনা গুপ্তা। সম্প্ৰতি পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইগৰাকী অভিনেত্ৰী। অলপতে প্ৰকাশ পোৱা আত্মজীৱনীখনত তেওঁ প্ৰকাশ কৰিছে জীৱনৰ বহু ৰং-বিৰং অভিজ্ঞতা। ‘Sach Kahun Toh’ নামৰ আত্মজীৱনীখনত গাৰ নোম শিয়ৰি উঠা কিছুমান অপ্ৰিয় অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰিছে নীনা গুপ্তাই

গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি, এজন চিকিৎসক আৰু এজন দৰ্জীৰ দ্বাৰা নিচেই সৰুতে যৌন নিৰ্যাতনৰ বলি হৈছিল নীনা গুপ্তা। তেওঁ ঘটনাটোক লৈ ইমান ভয় খাইছিল যে ঘৰত এইবিষয়ে কেতিয়াও জনাব নোৱাৰিলে। সেই ভয়ানক স্মৃতিবোৰ বুকুত সাবটিয়েই ভৰ যৌৱনত ভৰি দিছিল নীনাই। নীনাই লিখিছে, ‘চকুৰ চিকিৎসাৰ বাবে মই চিকিৎসক জনৰ ওচৰলৈ গৈছিলোঁ। কিন্তু হঠাতে চিকিৎসকজনে মোৰ শৰীৰৰ সেই অংশবোৰ স্পৰ্শ কৰিবলৈ ধৰিলে যাৰ চকুৰ সৈতে কোনো সম্পৰ্ক নাছিল। মোৰ বৰ ভয় লাগিছিল।

মই এটা টু-শব্দও কৰিব পৰা নাছিলোঁ। ঘটনাটোৱে মোক তীব্ৰ আঘাত দিছিল। কোঠাটোৰ এটা কোণত বহি হুকহুকাই কান্দিছিলোঁ। কিন্তু ঘৰত এইবোৰ কথা ক'বলৈ সাহস কৰা নাছিলোঁ। সেই চিকিৎসক জনৰ চেম্বাৰত মোৰ সৈতে একাধিকবাৰ এনে ঘটনা ঘটিছে।’ কেবল সেয়াই নহয়, এবাৰ এজন দৰ্জীৰ পৰাও যৌন নিৰ্যাতনৰ চিকাৰ হৈছিল নীনা গুপ্তা। তেওঁ লিখিছে, ‘ জোখ লোৱাৰ সময়ত মোৰ শৰীৰৰ বিভিন্ন অংগত এনেদৰে স্পৰ্শ কৰিছিল যে মই ভয় খাইছিলোঁ। কিন্তু মই বাৰে বাৰে তেওঁৰ তালৈ উভতি যাব লগা হৈছিল।

মোৰ কোনো বিকল্প নাছিল। দৰ্জীজনৰ ওচৰলৈ যাব নিবিচাৰোঁ বুলি মাক কোৱাহেঁতেন, তেতিয়া তেওঁ মোক ইয়াৰ কাৰণ সুধিলে হয়। আৰু তাৰ পিছত মই সমগ্ৰ ঘটনাৰ বিৱৰণ দিব লাগিলহেঁতেন। সেইবাবে এইবোৰ কথা মই অতদিনে গোপনে ৰাখিছিলোঁ।’ এই গ্ৰন্থখনত নীনাই 'ভিলেইন'ৰ ছুপাৰ হিট গান 'ছোলী কে পিচে'ৰ শ্বুটিঙৰ মনোৰম অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিছে। পৰিচালক সুভাষ ঘাই-এ গীতটোৰ বাবে তেওঁৰ সৌন্দৰ্য দেখি বিমোহিত হৈছিল বুলিও কয় নীনা গুপ্তাই। নীনাক পেডেড ব্ৰা পৰিধান কৰিবলৈও পৰামৰ্শ দিছিল পৰিচালকে। শ্বুটিং ফ্ল’ৰত লজ্জিত হ’ব লাগে বুলিয়েই এনে কাৰ্যৰ পৰা বিৰত আছিল অভিনেত্ৰীগৰাকী। নীনা গুপ্তাৰ শেহতীয়া কথাবোৰে বলীউড এৰিণাত চৰ্চা লাভ কৰা দেখা গৈছে। অনুৰাগী মহলতো প্ৰকাশ পাইছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। অৱশ্য, এই ক্ষেত্ৰত যিকোনো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে অভিনেত্ৰী নীনা গুপ্তাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?