--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ ব্লকবাষ্টাৰ ছবি ‘এনিমেল’ যোৱা বছৰ মুক্তি পাই আৰু অতি সোনকালে মুক্তিৰ এবছৰ সম্পূৰ্ণ হ’বলৈ ওলাইছে কিন্তু এই ছবিখন এতিয়াও বাতৰিৰ শিৰোনাম দখল কৰি আছে। আজিও সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা চিনেমাখনৰ বিষয়ে মানুহে প্ৰশ্ন কৰিয়েই থাকে। উল্লেখ্য যে এই চিনেমাখন কিছুমানে ভাল পাইছিল আৰু কিছুমানে ইয়াত দেখুওৱা ৰক্তপাতক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল।

Animal: Ranbir Kapoor was paid 14 times more than Bobby Deol for ...

শেহতীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰণবীৰ কাপুৰক তেওঁৰ চিনেমাৰ বিষয়ে সোধা হৈছিল। এনে পৰিস্থিতিত অভিনেতাজনে ইয়াৰ বিষয়ে সবিশেষ জনায়৷
২০২৩ চনৰ ‘এনিমেল’ ছবিখনত ৰণবীৰ কাপুৰৰ অভিনয়ক মানুহে প্ৰশংসা কৰিছিল কিন্তু একে সময়তে তেওঁ ইয়াৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

আনকি মানুহে সন্দীপ ৰেড্ডী ভাংগাৰ চিনেমা সমাজৰ বাবে ক্ষতিকাৰক আৰু এনে চিনেমাই সমাজখনত বেয়া প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৰে। কিন্তু এতিয়া এই সন্দৰ্ভত ৰণবীৰ কাপুৰে নিজৰ মৌনতা ভংগ কৰিছে। 

ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উপস্থিত হোৱা ৰণবীৰ কাপুৰক সোধা হৈছিল যে তেওঁৰ ‘এনিমেল’ ছবিয়ে সমাজত নেতিবাচক প্ৰভাৱ পেলাইছে নেকি? ইয়াৰ উত্তৰত অভিনেতাজনে ক’লে যে আপোনাৰ মতামতৰ সৈতে মই সম্পূৰ্ণ একমত। অভিনেতা হিচাপে সমাজত ইতিবাচক প্ৰভাৱ পেলোৱা ছবি আপোনালোকৰ মাজলৈ অনাটো আমাৰ দায়িত্ব। কিন্তু এইটোও সঁচা যে মই এজন অভিনেতা আৰু বিভিন্ন চৰিত্ৰত অভিনয় কৰাটো মোৰ বাবে গুৰুত্বপূৰ্ণ।’

ৰণবীৰে এই বিষয়ে প্ৰথমবাৰৰ বাবে এনে এটা বৃহৎ অনুষ্ঠানত কয়৷ একে সময়তে তেওঁ নিজৰ ককাক ৰাজ কাপুৰৰ জীৱন আৰু উত্তৰাধিকাৰৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ কাহিনীটো ডাঙৰ পৰ্দালৈ অনাৰ কথা চিন্তা কৰিছে। ৰণবীৰে প্ৰকাশ কৰে যে তেওঁ এই বিষয়ে বহুত চিন্তা কৰিছে আৰু বহু মানুহৰ লগত কথা পাতিছে। ৰাজ কাপুৰৰ জীৱনৰ ওপৰত এখন চিনেমা নিৰ্মাণৰ বিষয়ে ভান্সালীকে ধৰি বহু চলচ্চিত্ৰ নিৰ্মাতাৰ লগত কথা পাতিছে।  




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?