--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলপতে অনুষ্ঠিত হৈ যায় চিপিআই(এম)ৰ ৰাজ্যিক সন্মিলন৷ ৫ জানুৱাৰী পৰা পৰা আৰম্ভ হোৱা চিপিআই(এম)ৰ ৰাজ্যিক সন্মিলনৰ আজি ৮ জানুৱাৰীত সফল পৰিসমাপ্তি ঘটে। অসমৰ জিলাসমূহক প্ৰতিনিধিত্ব কৰি ৩৪৫ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সন্মিলন খনত প্ৰতিনিধিসকলে ৰাজনৈতিক প্ৰস্তাৱ, সাংগঠনিক প্ৰতিবেদন আৰু বিভিন্ন তথা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰাৰ লগতে আৰু আগন্তুক সময়ছোৱাৰ কৰ্মপন্থাও নিৰ্ধাৰণ কৰে। 

অসম বিৰোধী তথা সাম্প্ৰদায়িক আৰু দেশৰ সংবিধান বিৰোধী বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত ২০২৬ত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ পৰিকল্পনাৰে এই সন্মিলনত সমবেত হয়। আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচন, বিটিচি নিৰ্বাচন আৰু ২০২৬চনৰ বিধান সভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ আৰু বাঁওপন্থীৰ প্ৰতিনিধিৰ সংখ্যা বৃদ্ধি কৰিবলৈ চিপিআই(এম)এ সৰ্বশক্তি প্ৰয়োগ কৰিব বুলি সদৰি কৰে। 

এচিপিআই(এম)এ সমগ্ৰ অসমতে তৃণমূল পৰ্যায়ত ব্যাপক গণআন্দোলন সংগঠিত কৰাৰ লগতে বাওঁ বিকল্প জনগণৰ সন্মুখত তুলি ধৰিব বুলি দৃঢ় প্ৰতিজ্ঞ হয়। ২৪ সংখ‍্যক অসম ৰাজ‍্যিক সন্মিলনত কমৰেড সুপ্ৰকাশ তালুকদাৰক পুনৰ সম্পাদক হিচাপে নিৰ্বাচিত কৰে।এই সন্মিলনতে ৫০ গৰাকী সদস্যৰে ৰাজ্যিক কমিটি আৰু ১৩ জনীয়া সম্পাদকমণ্ডলী গঠন কৰে। নৱনিৰ্বাচিত সম্পাদকমণ্ডলীৰ সদস্যসকল হৈছে সুপ্রকাশ তালুকদাৰ, ইচ্‌ফাকুৰ ৰহমান, মনোৰঞ্জন তালুকদাৰ, টিকেন দাস, অজিত দাস, নয়ন ভূঞা, তপন শৰ্মা, গজেন বৰ্মন, আজিজুৰ ৰহমান, নিৰংকুশ নাথ, সংগীতা দাস, শতঞ্জীৱ দাস আৰু বাসুদেৱ কলিতা।

উল্লেখ্য যে উক্ত সন্মিলন খনত দলৰ পলিট ব্যুৰ’ৰ দুই সদস্য ক্ৰমে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰ আৰু প্ৰাক্তন সাংসদ নিলোৎপল বসু উপস্থিত থাকে। সন্মিলন খনত দলটোৱে সন্মিলন খনত  অসমত চলি থকা লুণ্ঠনৰাজ বন্ধ কৰা, অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, গুৱাহাটীৰ পানীৰ পাইপ ফটাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতেই ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে, আৰু মহিলাৰ ওপৰত হোৱা ক্ৰমবৰ্ধমান অপৰাধৰ বিৰুদ্ধেও উচিত ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী, ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবী, চাহ শ্ৰমিকৰ সমস্যা উচ্চেদৰ বিৰুদ্ধে আৰু মাটিৰ পট্টা প্ৰদান কৰাৰ দাবীক আগত লৈ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত সন্মিলনত গ্ৰহণ কৰে। 

ইয়াৰোপৰি নতুন পেন্সন ব্যৱস্থা বাতিল কৰাৰ লগতে সকলোকে পুৰণি পেন্সন ব্যৱস্থাৰ আওতালৈ অনাৰ উপৰিও সাৰ্বজনীন সামাজিক সুৰক্ষামূলক পেন্সনৰ ব্যৱস্থাৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।আৰু গিবন অভয়াৰণ্য সুৰক্ষাৰ লগতে পৰিৱেশ ৰক্ষাৰ দাবীতো এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় সন্মিলন খনত।৫ জানুৱাৰীত গুৱাহাটীৰ ফাঁচিবজাৰৰ জাহাজঘাটত অনুষ্ঠিত বিশাল জনসভাৰে আৰম্ভ হোৱা চিপিআইএমৰ ৰাজ্যিক সন্মিলখনৰ আজি সফল সমাপ্তি ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?