--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঝাৰখণ্ডত এইবাৰ যাদু নচলিল চম্পাই ছোৰেনৰ৷ জেএমএমৰ বিৰুদ্ধে বিদ্ৰোহ কৰি নির্বাচনৰ ঠিক পূর্বে বিজেপিত যোগদান কৰা প্রাক্তন মুখ্যমন্ত্রী চম্পাই সোৰেনৰ চেৰাইকেলাৰ আসনৰ পৰা জয়লাভ কৰে যদিও লাকলহানত তেওঁৰ প্ৰভাৱ দেখা নগ’ল। ঘাটচিলা, পোটকা, জগন্নাথপুৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিকে ধৰি অঞ্চলটোৰ ১৪খন আসনৰ ভিতৰত ১১খন আসন হেৰুৱাই এন ডি এয়ে৷ আনহাতে জেএমএমে ১০খন আসন আৰু কংগ্ৰেছে ১খন আসন লাভ কৰিবলৈ সক্ষম হয়।

নিৰ্বাচনত এন ডি এৰ পৰাজয়ৰ পিছত এক্সত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চম্পাই ছোৰেনে।
তেওঁ লিখিছে, ‘জোহৰ বন্ধুসকল, আগতে কোৱাৰ দৰে ঝাৰখণ্ডত নিত্য বৃদ্ধি পোৱা বাংলাদেশীৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে আমাৰ আন্দোলন কোনো ৰাজনৈতিক বা নিৰ্বাচনী বিষয় নহয়, সামাজিক প্ৰচাৰহে।  স্পষ্টভাৱে বিশ্বাস কৰোঁ যে অনুপ্ৰৱেশকাৰীয়ে বীৰৰ এই ভূমিত কোনো ধৰণৰ সুৰক্ষা লাভ কৰা উচিত নহয়। আজি পাকুৰ, চাহিবগঞ্জকে ধৰি বহু জিলাত জনজাতি জনগোষ্ঠী সংখ্যালঘু হৈ পৰিছে।

চম্পাই ছোৰেনে আৰু লিখিছে, ‘নিৰ্বাচনী অস্থিৰতাৰ পিছত বীৰ ছিডো-কানহু, চান্দ-ভৈৰৱ আৰু সাহসী মহিলা ফুলো-ঝানোক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত অতি সোনকালে আমি আমাৰ প্ৰচাৰৰ পৰৱৰ্তী পৰ্যায়ৰ সাহসী ভূমিত আৰম্ভ কৰিম সন্থাল পৰগনাত। আৰু কয় যে চৰকাৰ আহিব আৰু যাব, দল গঠন হ’ব আৰু পতন হ’ব, কিন্তু সমাজখন থাকিব লাগিব, আমাৰ জনজাতীয়তাবাদ জীয়াই থাকিব লাগিব, নহ’লে একোৱেই নাথাকিব বুলি উল্লেখ কৰে৷ জয় আদিবাসী! জয় ঝাৰখণ্ড!' বুলি উল্লেখ কৰে

উল্লেখযোগ্য যে ঝাৰখণ্ডত এন ডি এৰ প্ৰচাৰ অভিযানত অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যৰ জনগাঁথনি সলনি কৰা আৰু জনজাতীয় ভূমি আৰু চাকৰি দখল কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰচাৰ চলাইছিল। ইয়াৰ পিছতো অনুসূচিত জনজাতিসকলৰ বাবে সংৰক্ষিত আসনসমূহৰ ওপৰত ইণ্ডিয়া মিত্ৰজোঁটে বিপুল সমৰ্থন লাভ কৰে। জেএমএমৰ প্ৰাক্তন নেতা চম্পাই ছোৰেনক দলত অন্তৰ্ভুক্ত কৰাৰ পিছত জনজাতীয় আসন জয় কৰাৰ বাবে বিজেপিয়ে তেওঁৰ ওপৰত আশা কৰিছিল যদিও বেজেপিৰ আশাত চেচাপানী পৰিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?