--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পঞ্জাবত উৰিছে আম আদমী পাৰ্টীৰ বিজয়ধ্বজা! দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনত লাহে লাহে গভীৰভাৱে শিপাবলৈ আৰম্ভ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দল আম আদমী পাৰ্টী চমুকৈ আপে৷ পঞ্জাবৰ বিধানসভা নিৰ্বাচন এমাহৰ পাছতে৷এই সময়ছোৱাত দেশৰ ৰাজনৈতিক দলসমূহে নামি পৰিছে নিৰ্বাচনকেন্দ্ৰিক প্ৰতিযোগিতাত৷ অলপতে হৈ যোৱা চণ্ডীগড় পৌৰসভা নিৰ্বাচন ২০২১ত আপে লাভ কৰে বৃহৎ সাফল্য৷ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত আপৰ এই সাফল্যই বাৰুকৈয়ে প্ৰভাৱ পেলাব ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনত৷


সোমবাৰে ঘোষণা হোৱা পৌৰসভাৰ নিৰ্বাচনত মুঠ ৩৫খন আসনৰ ভিতৰত আপে লাভ কৰে ১৪খন আসন৷ ইয়াৰোপৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিয়েও সমানে যুঁজ দি লাভ কৰে ১২খন আসন৷ অৱশ্যে কংগ্ৰেছে ৮খন আসন লাভ কৰাৰ বিপৰীতে আকলি দলে এখন আসন লাভ কৰে৷ আপৰ সমান্তৰালকৈ শাসনাধীস্থ দল বিজেপিৰ যুঁজখনৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ কিছু দৃশ্য প্ৰতিফলিত কৰিছে৷ কংগ্ৰেছৰ শাসনত থকা পঞ্জাবৰ ৰাজনীতিৰ দিশটো ইয়াৰ পাছৰে পৰা যে অধিক প্ৰত্যাহ্বানমূলক হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷

আজি পুৱা ৩৫টা ৱাৰ্ডৰ ৯টাকৈ ভোটকেন্দ্ৰত ভোটৰ কাউণ্টিং আৰম্ভ হৈছিল৷ ভোটদানৰ শতাংশ আছিল ৬০৪৬৷ পূৰ্বে এই যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ দলৰ মাজত দেখিবলৈ পোৱা গৈছিল যদিও এইবাৰ আম আদমি পাৰ্টীয়ে পৌৰসভাৰ নিৰ্বাচনত দুয়োটা দলৰ বাবে অধিক প্ৰত্যাহ্বানমূলক কৰি তুলিছে৷ শুকুৰবাৰে সম্পন্ন হৈছিল পৌৰসভাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া৷

নিৰ্বাচনত জয়লাভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে টুইটযোগে কয়, “আপৰ জয়ৰ পাছতে চণ্ডীগড় পৌৰসভা নিগমত পঞ্জাবে দেখিবলৈ পাব পৰিৱৰ্তন৷ জনতাই দুৰ্নীতিগ্ৰস্ত ৰাজনীতি প্ৰত্যাহাৰ কৰি আপক বাছনি কৰিছে৷ পঞ্জাব পৰিবৰ্তনৰ বাবে সাজু৷” কেজৰিৱালে আগন্তুক পঞ্জাব বিধানসভা নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি ইতিমধ্যে ৰাজ্যখনত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?