ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, প্ৰতিটো গ্ৰহণৰ এটা বেয়া আৰু এটা ভাল দিশ থাকে। ই প্ৰাণীজগতক প্ৰভাৱিত কৰে। বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ হৈছিল ২৬ মে'ত৷ আনহাতে, ১৯ নৱেম্বৰত হ’ব বছৰটোৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। কিন্তু এইটো সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ নহয়। ই আংশিক চন্দ্ৰগ্ৰহণ বুলিহে ক’ব পাৰি।

চন্দ্ৰ গ্ৰহণ কেতিয়া হয়? বৈজ্ঞানিক ব্যাখ্যা অনুসৰি, যেতিয়া পূৰ্ণিমাৰ দিনা পৃথিৱী সূৰ্য আৰু চন্দ্ৰই সমান্তৰালভাৱে গতি কৰে৷ আৰু এই গতিত সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সৰল ৰেখাত পৰিলে চন্দ্ৰ গ্ৰহণ হয়। এই ক্ষেত্ৰত, সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ হয়।

আনহাতে, যেতিয়া পৃথিৱী, সূৰ্য আৰু চন্দ্ৰৰ মাজত হোৱা গতিত, সম্পূৰ্ণৰূপে সৰল ৰেখাত নপৰিলে আংশিক চন্দ্ৰ গ্ৰহণ হয়। এই ক্ষেত্ৰত, গোটেই চন্দ্ৰই নহয়, কিন্তু চন্দ্ৰৰ এটা অংশ পৃথিৱীৰ ছাঁ আৱৰি আছে।
এইবছৰ এইটো দ্বিতীয় তথা অন্তিম চন্দ্ৰগ্ৰহণ হ'ব ১৯ নৱেম্বৰত। কিন্তু এয়া সম্পূৰ্ণ চন্দ্ৰ গ্ৰহণ নহয় আংশিক চন্দ্ৰ গ্ৰহণহে। এই চন্দ্ৰ গ্ৰহণ প্ৰত্যক্ষ কৰা হ’ব কিছু বিশেষ অঞ্চলৰ পৰাহে৷

জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, চন্দ্ৰ গ্ৰহণ ১৯ নৱেম্বৰ শুকুৰবাৰে পুৱা ১১.৩৪ বজাত আৰম্ভ হ’ব। আৰু সন্ধিয়া ৫.৩৩ বজাত সমাপ্ত হ’ব। এই চন্দ্ৰ গ্ৰহণ উত্তৰ-পূব ভাৰতৰ পৰা দেখা যায়। গ্ৰহণ মুখ্যতঃ ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু অসমৰ পৰা দেখা যায়। ভাৰতৰ লগতে চন্দ্ৰ গ্ৰহণ আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ ইউৰোপ, পূব এছিয়া, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলতো দেখা পোৱা যাব।