--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজস্থান ৰয়েলছে সোমবাৰে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰণৰ সহায়ত আই পি এলত এক স্মৰণীয় জয় অর্জন কৰে। ৰাজস্থানে ১৫.৫ অ'ভাৰত বৈভৱৰ বিস্ফোৰক চেঞ্চুৰীৰ সহায়ত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 

গুজৰাট টাইটানছে বান্ধি দিয়া ২১০ ৰানৰ জয়ৰ লক্ষ্য থকা ৰাজস্থানৰ হৈ ইয়াৰ ছৱাই মান সিং ষ্টেডিয়ামত ইনিংছ মুকলি কৰিবলৈ আহে যশস্বী জয়ছোবাল আৰু বৈভৱ। 

বৈভবে বেটিং আৰম্ভ কৰিয়েই খেল পথাৰত ধুমুহাৰ সৃষ্টি কৰে। তেওঁ মাত্র ৩৫টা বলত চেঞ্চুৰী কৰি কেইবাটাও অভিলেখ গঢ়ে। আই পি এলত চেঞ্চুৰী কৰা তেওঁ সৰ্ব কনিষ্ঠ খেলুৱৈ। কেৱল সিমানেই নহয়, টি-২০ ক্রিকেটতো চেঞ্চুৰী কৰা বৈভৱ সর্বকনিষ্ঠ খেলুৱৈৰূপে পৰিগণিত হৈছে। আনহাতে আই পি এলত আটাইতকৈ কম বলত চেঞ্চুৰী কৰা তেওঁ প্রথম ভাৰতীয়। সোমবাৰে তেওঁ ইউছুফ পাঠানৰ ৩৭টা চেঞ্চুৰীৰ অভিলেখ ভংগ কৰে। অৱশ্যে আই পি এলত আটাইতকৈ কম বলত চেঞ্চুৰী কৰাৰ অভিলেখ ক্ৰিছ গেইলৰ। গেইলে ২০১৩ত মাত্র ৩০টা বলত চেঞ্চুৰী কৰিছিল। বৈভবে কালি মহম্মদ ছিৰাজৰ পৰা আৰম্ভ কৰি ঈশান্ত শৰ্মালৈকে গুজৰাট টাইটানছৰ প্ৰায় সকলো বলাৰকে ধোঁৱা-কোঁৱা দেখুৱায়। ঈশান্তৰ এটা অ'ভাৰত বৈভবে ৩টা ছয় আৰু ২টা চাৰিৰে মুঠ ২৬ ৰান সংগ্ৰহ কৰে। 

কেৱল সিমানেই নহয় নৱাগত কৰিম জন্নতৰ এটা অ'ভাৰত তেওঁ ৩০ ৰান সংগ্ৰহ কৰে। কৰিমৰ এইখন আছিল অভিষেক মেচ। বৈভৱৰ ইনিংছটোক লৈ হুইল চেয়াৰত বহি থৰা ৰাজস্থানৰ প্ৰশিক্ষক ৰাহুল দ্রাবিড় ইমানেই 'ৰোমঞ্চিত' হৈ পৰে যে তেওঁ থিয় হৈ দুয়োখন হাত ওপৰলৈ তুলি তেওঁক উৎসাহিত কৰে। বৈভৱে মাত্র ১৪ বছৰ ৩২ দিনত আজি চেঞ্চুৰী কৰি বিশ্ব অভিলেখ গঢ়ে। তেওঁ ৩৮টা বলত ৭টা চাৰি আৰু ১১টা ছয়েৰে ১০১ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ বলত বিদায় লয়। ৰাজস্থানৰ জয়ত জয়ছোৱাল আৰু অধিনায়ক ৰিয়ান পৰাগৰো অৰিহণা আছিল। যশস্বীয়ে ৪০টা বলত ৯টা চাৰি আৰু ২টা ছয়েৰে ৭০ ৰানত আৰু ৰিয়ান ১৫টা বলত ২টা চাৰি আৰু ২টা ছয়েৰে ৩২ ৰান কৰি অপৰাজিত হৈ থাকে। ইয়াৰ আগতে গুজৰাটে অধিনায়ক শুভমন গীলৰ ৮৪ আৰু যোছ বাটলাৰৰ ৫০ ৰানৰ সহায়ত চাৰি উইকেট হেৰুৱাই ১০৯ ৰান কৰে।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?