--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজকোটত অনুষ্ঠিত তৃতীয় টি-২০ত ইংলেণ্ডে ভাৰতক ২৬ ৰানত পৰাস্ত কৰে। এতিয়া ৩১ জানুৱাৰী শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব চতুৰ্থ টি-২০ মেচ। যদি ভাৰতীয় দলে পুনেত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ টি-২০ত জয়ী হ’ব বিচাৰে তেন্তে ৫টা প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব।

আকৌ ধ্ৰুৱ জুৰেলক বিশ্বাস কৰা উচিত নেকি?

ৰিংকু সিং আঘাত পোৱাৰ পাছত উইকেটকীপাৰ বেটছমেন ধ্ৰুৱ জুৰেলক সাত নম্বৰ স্থানত সুযোগ দিয়া হয়। জুৰেলে দ্বিতীয় আৰু তৃতীয় টি-২০ত ভাৰতীয় দলৰ অংশ আছিল যদিও দুয়োটা সময়তে তেওঁ ব্যৰ্থ হয়। এনে পৰিস্থিতিত প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ধ্ৰুৱ জুৰেলক পুনৰ বিশ্বাস কৰিব নে নকৰে?

দ্ৰুত গতিৰ সন্মুখত সঞ্জু চেমচনৰ দুৰ্বলতা

দক্ষিণ আফ্ৰিকাত তিনিটা শতক অৰ্জন কৰা সঞ্জু চেমছনে ইংলেণ্ডৰ বিৰুদ্ধে তিনিওখন খেলতে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই। দ্ৰুত গতিৰ সন্মুখত সঞ্জু চেমচনৰ দুৰ্বলতা স্পষ্টকৈ দেখা যায়। চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দল পৰিচালনাৰ বাবে চেমছনৰ দুৰ্বল ফৰ্ম চিন্তাৰ বিষয় হৈ পৰিব। চলিত শৃংখলাত তেওঁৰ স্ক’ৰ ২৬, ০৫ আৰু ০৩, যিটো চিন্তাৰ বিষয়। ঘণ্টাত ১৪৫ কিলোমিটাৰতকৈ অধিক বেগত কৰা বলৰ সন্মুখীন হ’ব নোৱাৰে তেওঁ। ইংলেণ্ডৰ জফ্ৰা আৰ্চাৰ আৰু মাৰ্ক উডে ঘণ্টাত ১৪৫ৰ পৰা ১৫৫ কিলোমিটাৰ বেগত বল কৰে, যিটো চেমছনৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।

ৰমনদ্বীপ সিঙক সুযোগ দিয়া উচিত নেকি?

ৰিংকু সিঙৰ কঁকালৰ সমস্যাৰ বাবে ধ্ৰুৱ জুৰেলক সাত নম্বৰত পঠিওৱা হৈছিল যদিও তেওঁ এই ফৰ্মেটত ফিট হ’ব পৰা নাই। এনে পৰিস্থিতিত প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ভাবিব লাগিব যে ৰমনদ্বীপ সিঙক এতিয়াই সুযোগ দিয়া উচিত নেকি? ৰমনদ্বীপ সিং এজন ভাল বেগী বলাৰ হোৱাৰ লগতে ফিনিছাৰো৷

ফাইনেল এঘাৰত অন্তৰ্ভুক্ত হ’ব নেকি শিৱম ডুবে?

ইংলেণ্ডৰ লেগ স্পিনাৰ আদিল ৰছিদৰ বিৰুদ্ধে খেলিব পৰা নাই ভাৰতৰ মিডল অৰ্ডাৰ। একে সময়তে নীতিশ ৰেড্ডী আঘাতপ্ৰাপ্ত হোৱাৰ পাছত দলত স্থান লাভ কৰা শিৱম ডুবেক সুযোগ দিয়াৰ যোগ্য৷ স্পিনৰ বিৰুদ্ধে ডাঙৰ ছয় মাৰিবলৈ ডুবে বিশেষজ্ঞ। এনে পৰিস্থিতিত এতিয়া ডুবেই সুযোগ পায় নে নাপায় সেয়া চাবলৈ সকলোৱে আগ্ৰহী।

ছামীৰ ঠাইত অৰ্ষদ্বীপ সিং?

তৃতীয় টি-২০ত বাওঁহাতৰ বেগী বলাৰ অৰ্ষদ্বীপ সিঙক জিৰণি দিয়া হয়। ফলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল টিম ইণ্ডিয়া। এনে পৰিস্থিতিত এতিয়া এটা প্ৰশ্ন হৈছে মহম্মদ ছামীৰ ঠাইত অৰ্ষদ্বীপ সিঙক ঘূৰাই অনা উচিত নেকি? বহুদিনৰ মূৰত দললৈ ঘূৰি অহা মহম্মদ ছামীয়ে ৰাজকোটত ভাল কামবেক কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?