--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ মহাকাশৰ পৰা পৃথিৱীলৈ ঘূৰি অহাৰ পাছত এইবাৰ দীৰ্ঘ সময়ৰ বাবে মহাকাশলৈ যাবলৈ সাজু হৈছে অসমৰ জোঁৱাই মাইক ফিনকে। নাছাৰ স্পেচ ক্রু-১১ মিছনৰ অংশ হিচাপে মাইক ফিনকেৰ উপৰি তিনিটা স্পেচ এজেঞ্চিৰ মুঠ চাৰিজন মহাকাশচাৰী দীর্ঘ সময়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় স্পেচ চেণ্টাৰলৈ যাবলৈ প্রস্তুত হৈছে। এওঁলোকে চলিত বৰ্ষৰ জুলাইৰ পূৰ্বেই মহাকাশলৈ যাত্রা কৰিব। 


উল্লেখযোগ্য যে মাইক ফিনকেই যোৰহাটৰ জীয়ৰী ৰেনিতা শইকীয়াৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোক তিনিটা সন্তানৰ গৌৰৱী পিতৃ-মাতৃ। অসমক ভালপোৱা আৰু অসমক বুকুৰ মাজত ৰখা মাইকে স্পে'চ ষ্টেছনলৈ গামোচাও লৈ গৈছিল। তাতোকৈ আমোদজনক কথা এয়ে যে অসমৰ জোঁৱাইজনে অসমৰ চাহকো মহাকাশলৈ লৈ যোৱাৰো আশা পুহি ৰাখিছে। মহাকাশীচাৰীৰ এই দলটোৱে আন্তঃৰাষ্ট্ৰীয় স্পেচ ষ্টেছনত তেওঁলোকৰ গৱেষণাৰ জৰিয়তে মানৱ জাতিক চন্দ্ৰৰ বাবে সাজু কৰি তোলাৰ লগতে পৃথিৱীত জীৱন ধাৰণৰ মান উন্নত কৰাৰ চেষ্টাত ব্রতী হ'ব। উল্লেখযোগ্য যে কাউমেন নামৰ মহাকাশচাৰীগৰাকী নাছাৰ স্পে'চ এক্স ক্রু-৯ মিছনৰ অংশ হিচাপে মহাকাশলৈ যাত্ৰা কৰিছিল। সেইদৰে মাইক ফিনকে নাছাৰ বয়িং ষ্টাৰলাইনাৰ-১ অভিযানৰ সদস্য আছিল। এইবাৰ এই দুগৰাকী অভিজ্ঞ মহাকাশচাৰীক পুনৰ আন্তঃৰাষ্ট্ৰীয় স্পে’'চ ষ্টেছনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। 


কাউমিন ইতিমধ্যেই ড্রেগন স্পো'চক্রাফ্টৰ কমাণ্ডাৰৰ অভিজ্ঞতাৰে পুষ্ট আৰু মাইকে দীর্ঘ দূৰত্বৰ স্পেচ ফ্লাইটৰ অভিজ্ঞতাৰে এই নতুন মিছনক সমৃদ্ধ কৰিব। অসমৰ জোঁৱাই মাইকৰ এইটো হ'ব মহাকাশলৈ চতুর্থটো 'ট্রিপ'। আমোদজনক কথা এয়ে যে এই দুর্ধর্ষ মহাকাশচাৰীজন ২০০৪-২০০৮ আৰু ২০১১ চনত ৩৮২ দিনৰ বাবে মহাকাশত আবদ্ধ হৈ পৰিছিল। বিগত এটা দশক ফিল্কেই তেওঁৰ দক্ষতা নাছাৰ কমাচিয়েল ক্রু প্ৰগেমত ব্যৱহাৰ কৰি আহিছে। তেওঁ স্পেচ এক্স ড্ৰেগন বয়িং ষ্টাৰলাইনাৰৰ বিকাশ আৰু উন্নীতকৰণৰ প্রক্রিয়াত জড়িত হৈ আছে। জুলাইৰ পূৰ্বে মহাকাশলৈ যাবলগীয়া এই দলটোত জেনা কাউমেন আৰু মাইক ফিৰ্কেৰ উপৰি জাপান এৰ' স্পে'চ এক্সপ্লৰেশ্যন এজেঞ্চিৰ মহাকাশচাৰী জাচা মহাকাশচাৰী কিমিয়া উই অন্তর্ভুক্ত হৈছে। সুনীতা উইলিয়ামছে এৰি অহা ঠাইৰ পৰাই গৱেষণা আগবঢ়াই নিব মাইক আৰু তেওঁৰ টীমে। এওঁলোকৰ লক্ষ্য-কেৱল পৃথিৱীতে নহয়, চন্দ্র লোকতো অনাগত দিনত দপদপাই থাকক মানৱ জাতি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?