--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলো প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ ফাইনেললৈ চতুৰ্থবাৰৰ বাবে প্ৰৱেশ কৰিলে টীম ইণ্ডিয়াই। বেটিং পৰাক্ৰমৰ পাছত আকৰ্ষণীয় বলিঙেৰে পৰাস্ত কৰে শক্তিশালী নিউজিলেণ্ডক। ৭০ ৰাণত বিজয়ী হয় ৰোহিত বাহিনী।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলোৱা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত টছত জয়ী হৈ প্ৰথমে বেটিং কৰে ভাৰতে। আক্ৰমণাত্মক আৰম্ভণি কৰে ৰোহিত শৰ্মাই। মাত্ৰ ২৯ ৰাণত চাৰিটা ফ’ৰ আৰু ছয়েৰে ৪৭ ৰাণ কৰি ৰোহিত আউট হ’লেও শুভমান গীল (৮০), বিৰাট কোহলী (১১৭), শ্ৰেয়াছ আয়াৰ (১০৫) আৰু কে এল ৰাহুল (৩৯)-ৰ বেটিং বিক্ৰমেৰে মুঠ ৩৯৭ ৰাণ সংগ্ৰহ কৰে ভাৰতে। আটাইতকৈ আকৰ্ষণীয় আছিল বিৰাট কোহলীৰ ৫০তম এদিনীয়া সংখ্যক। নিউজিলেণ্ডৰ হৈ টীম ছাউডীয়ে ৩টা উইকেট লাভ কৰে।

৩৯৮ ৰাণৰ বিশাল লক্ষ্য লৈ আৰম্ভণিতে উজুটি খায় নিউজিলেণ্ডে। মহম্মদ ছামীয়ে উভটাই পঠায় অপেনাৰ ডেভন কনৱে আৰু ৰচিন ৰবীন্দ্ৰক। কিন্তু কেন উইলিয়ামছন আৰু ডাৰিল মিচেলে ১৪১ ৰাণৰ যুটি বান্ধি কিছু ভাবুকিৰ সৃষ্টি কৰে। কেন উইলিয়ামছনে ৬৯ আৰু মিচেলে ১৩৪ ৰাণ কৰে। কিন্তু পুনৰ মহম্মদ ছামীৰ বলি হয় তেওঁলোক। এওঁলোকৰ পাছত এজন এজনকৈ বেটাৰে পেভিলিয়নমুখী হয়। কেৱল গ্লেন ফিলিপছে ৪১ ৰাণৰ বৰঙণি আগবঢ়ায়। মুঠ ৩২৭ ৰাণ কৰে কিৱি বাহিনীয়ে।

টীম ইণ্ডিয়াৰ বিজয়ৰ মূলতে আছিল মহম্মদ ছামীৰ দূৰ্দান্ত বলিং। ৯.৫ অভাৰত ৫৭ ৰাণ খৰচ কৰি তেওঁ সাতটাকৈ উইকেট দখল কৰে। এটাকৈ উইকেট লাভ কৰে মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ আৰু কুলদীপ যাদৱে।

উল্লেখ্য যে গ্ৰুপ পৰ্যায়ত নিউজিলেণ্ডক সহজে পৰাস্ত কৰাৰ পাছতো ভাৰতৰ অনুৰাগীসকল আশ্বস্ত হ’ব পৰা নাছিল। ২০১৯ৰ পুনৰাবৃ্তিৰ আশংকা কৰিছিল। কিন্তু এই বিজয়ৰ দ্বাৰা প্ৰমাণ কৰিলে যে ঘৰৰ মাটিত ভাৰতক পৰাস্ত কৰাটো কঠিনেই নহয়, অসম্ভৱো!
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?