--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ বিখ্যাত গায়ক উদিত নাৰায়ণে বৰ্তমান চুমা বিতৰ্কক লৈ বাতৰিৰ শিৰোনাম দখল কৰি আছে। এক লাইভ কনচাৰ্টৰ সময়ত চেলফি তুলিবলৈ অহা এগৰাকী মহিলা অনুৰাগীৰ ওঁঠত চুমা খাইছিল উদিত নাৰায়ণে, সেই ভিডিঅ’ বনজুইৰ দৰে বিয়পি পৰে ইণ্টাৰনেট জগতত। এই দৃশ্য দেখাৰ লগে ট্ৰল আৰু কঠোৰ সমালোচনাৰ সন্মুখীন হয় উদিত নাৰায়ণ, তেওঁক লৈ এতিয়া সৃষ্টি হৈছে বহু মিম। লাইভ কনচাৰ্টৰ সময়ত চেলফি তুলিবলৈ অহা আন বহু মহিলা অনুৰাগীৰ গালতো চুমা খাইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। 

কেৱল চুমা বিতৰ্কই নহয় ইয়াৰ পূৰ্বে তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ বাবেও বিতৰ্কত সোমাই পৰিছিল। উদিত নাৰায়ণৰ আছে দুগৰাকী পত্নী। প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈয়ে দ্বিতীয়বাৰলৈ বিবাহপাশত আৱদ্ধ হৈছিল উদিত নাৰায়ণ। প্ৰথমা পত্নীক তেওঁ একো উমানেই নিদিলে যে তেওঁ দ্বিতীয় এগৰাকী নাৰীৰ সৈতে বিয়া পাতি সংসাৰৰ পাতনি মেলিলে। এক অৰ্থত প্ৰথমা পত্নীক প্ৰতাৰণা কৰিলে উদিত নাৰায়ণে।

উদিত নাৰায়ণৰ প্ৰথমা পত্নীৰ নাম ৰঞ্জনা ঝা। ৰঞ্জনা বিহাৰৰে বাসিন্দা। ১৯৮৪ চনত ৰঞ্জনা ঝাক বিয়া কৰাইছিল উদিত নাৰায়ণে। গানৰ জগতত কেৰিয়াৰ গঢ়িবলৈ উদিতে বিহাৰৰ পৰা মুম্বাইলৈ স্থানান্তৰিত হয় আৰু মুম্বাইলৈ অহাৰ পাছত আন এগৰাকী নাৰীৰ প্ৰেমত পৰি মতলীয়া হৈ পৰে কণ্ঠশিল্পীগৰাকী। সেইগৰাকী নাৰীৰ নাম দীপা গহাতৰাজ। ৰঞ্জনাক বিবাহ বিচ্ছেদ নকৰাকৈয়ে ১৯৮৫ চনত এয়াৰ হোষ্টেছ দীপা গহাতৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয় উদিত নাৰায়ণ। ১৯৮৭ চনত পুত্ৰ আদিত্য নাৰায়ণৰ জন্ম হয়। 

ৰঞ্জনাই যেতিয়া উদিতৰ দ্বিতীয় বিবাহৰ কথা গম পাইছিল তেতিয়া তেওঁ স্তম্ভিত হৈ পৰাৰ লগতে শোকত ভাগি পৰিছিল কিন্তু তেওঁ একো কৰিব পৰা নাছিল কিয়নো তেতিয়ালৈ উদিত নাৰায়ণ বলীউডৰ সংগীত জগতৰ ষ্টাৰ হৈ পৰিছিল। বিহাৰৰ এগৰাকী সাধাৰণ নাৰী হৈ মুম্বাইলৈ আহি এগৰাকী ষ্টাৰৰ বিৰুদ্ধে যুঁজ দিয়া ইমানো সহজ নাছিল। 

২০০৬ চনত উদিত নাৰায়ণে এক সংগীতানুষ্ঠানৰ বাবে বিহাৰলৈ আহোতে বিষয়টো লাইমলাইটলৈ আহিছিল। ৰঞ্জনাই তেতিয়া সাংবাদিকসহ উদিত নাৰায়ণ থকা হোটেলত উপস্থিত হৈ সকলোৰে সন্মুখত তেওঁক সোধা-পোছা কৰিবলৈ ধৰিলে। তেওঁক কিয় প্ৰতাৰণা কৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰে উদিতৰ পৰা। মিছা কথা কৈ প্ৰথম পত্নীক আন্ধাৰত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰঞ্জনা ঝাই।

তেতিয়া উদিত নাৰায়ণে সকলো অভিযোগ নাকচ কৰি কয় যে তেওঁ নাজানে ৰঞ্জনা ঝা কোন। উদিতে কয় যে, "মই এই মহিলাগৰাকীক চিনি নাপাওঁ আৰু আগতে কেতিয়াও লগ পোৱা নাই। এই সকলোবোৰ মোৰ ভাবমূৰ্তি কলংকিত কৰাৰ প্ৰচেষ্টা মাত্ৰ।" 

উদিতৰ এনে ব্যৱহাৰ দেখি ৰঞ্জনাই ন্যায় বিচাৰি আদালতৰ কাষ চাপে। ৰঞ্জনাই উদিত নাৰায়ণৰ সৈতে বিবাহৰ ফটো দেখুৱাই কেইবাখনো নথি দাখিল কৰি প্ৰকৃততে উদিতৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি প্ৰমাণ কৰে।

বিষয়টো তীব্ৰতৰ হোৱাত উদিতে প্ৰথম পত্নীক অৱগত নকৰাকৈয়ে দ্বিতীয়বাৰৰ বাবে বিয়া কৰাইছে বুলি স্বীকাৰ কৰে। ইয়াৰ লগে লগে আদালতে দুয়োগৰাকীকে পত্নীৰ মৰ্যাদা দিবলৈ আৰু দুয়োগৰাকী পত্নীক একেলগে ৰাখিবলৈ নিৰ্দেশ দিয়ে। ৰঞ্জনা ঝাক ভৰণপোষণৰ খৰচ দিবলৈও আদেশ দিয়ে।

অৱশ্যে ৰঞ্জনাই টকা ল’বলৈ অস্বীকাৰ কৰি কয় যে তেওঁ কেৱল উদিত নাৰায়ণৰ লগত থাকিব বিচাৰে। দীপাকো গ্ৰহণ কৰি লোৱাত তেওঁৰ একো আপত্তি নাই বুলি কয়। কিন্তু আদালতৰ নিৰ্দেশৰ পিছতো কিছুদিনৰ মূৰতে উদিত নাৰায়ণে সুপৌলত (বিহাৰ) ৰঞ্জনাক থৈ আহে। ৰঞ্জনাই এবাৰ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত কৈছিল যে উদিত নাৰায়ণে প্ৰতিমাহে তেওঁৰ খৰচৰ বাবে টকা পঠিয়ায় কিন্তু যেতিয়াই তেওঁ মুম্বাইলৈ যায় তেতিয়াই তেওঁক আকৌ ঘূৰাই পঠিয়ায়। আজিও তেওঁ পত্নীৰ মৰ্যাদা পোৱাৰ আশাত ৰৈ আছে।

প্ৰিয় পাঠক... উদিত নাৰায়ণৰ এতিয়া যিমান মানহানি হৈছে সেয়া বাৰু তেওঁৰ কৰ্মফলেই নহয়নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?