--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : ‘প্ৰাগ নিউজ’ৰ স্বত্বাধিকাৰী ডঃ সঞ্জীৱ নাৰায়ণৰ আন এক বৃহৎ পদক্ষেপ৷ গুৱাহাটীৰ লালমাটিত বুধবাৰে ডঃ নাৰায়ণে আনুষ্ঠানিকভাৱে টাটা মটৰ্ছৰ এটা শ্ব'ৰূম আৰম্ভ কৰে৷ অসম অট’মোবাইলছ নামৰ এই শ্ব’ৰুমটো মুকলি অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অশোক সিংহাল, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাস তথা টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে৷

অভিজাত শ্ব’ৰূমটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ শ্ব’ ৰূমটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ডঃ সঞ্জীৱ নাৰায়ণৰ এই প্ৰচেষ্টাক শ’লাগ লয়৷ কৰ'না মহামাৰীসৃষ্ট প্ৰতিকূল পৰিৱেশৰ মাজতে ডঃ নাৰায়ণৰ এই পদক্ষেপক সাহসী আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এই শ্ব’ৰূমটোৱে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানত কিছু হ’লেও বৰঙণি আগবঢ়াব বুলি আশা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। আনহাতে, ক'ভিডৰ সময়ত টাটা মটৰ্ছ এণ্ড ছান্স-এ অসমলৈ ১৫০০ কোটি অনুদান আগবঢ়ায়৷ টাটাৰ এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি টাটা মটৰ্ছৰ উপাধ্যক্ষ ৰাজেশ পালে কয়, 'টাটা মটৰ্ছ আজি দেশৰ উদ্যোগ খণ্ডৰ এটা অগ্ৰণী নাম৷ দেশৰ জনগণে বহু বছৰ বছৰ ধৰি আমাক প্ৰথম স্থানত ৰাখিছে৷ গ্ৰাহকৰ অফুৰন্ত মৰমৰ বাবেই আজি আমি গাড়ীৰ বজাৰৰ লিডাৰত পৰিণত হৈছোঁ।' সঞ্জীৱ নাৰায়ণলৈ ভালেমান মূল্যমান পৰামৰ্শও আগবঢ়ায় তেওঁ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?