ডিজিটেল ডেস্ক: ধৰ্মগুৰু দালাই লামাৰ স্বাস্থ্যজনিত খবৰ এটাই উদ্বিগ্ন কৰি তুলিছিল লামাৰ অনুগামীসকলক৷ নতুন দিল্লীৰ এইমছত ভৰ্তি কৰোৱা বুলি ওলোৱা খবৰে চিন্তান্বিত কৰিছিল দালাই লামাৰ অনুৰাগীকসকলক৷
কিন্তু, প্ৰকৃত সত্যটো হ’ল যে দালাই লামাক এইমছত ভৰ্তি কৰোৱা হোৱা নাই৷ নতুন দিল্লীৰ অখিল ভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ বিষয়াসকলে দেওবাৰে স্পষ্ট কৰি দিয়ে যে তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱা নাই৷
আনকি কিছুমান সূত্ৰই কয় যে তেওঁ প্ৰতিষ্ঠানটোৰ চিকিৎসকৰ পৰামৰ্শ লৈছিল।
আধ্যাত্মিক নেতাজনৰ ঘনিষ্ঠ সূত্ৰই কৈছিল যে এইমছৰ চিকিৎসকসকলে তেওঁক দিল্লীৰ এখন হোটেলত পৰীক্ষা কৰিছিল য’ত তেওঁ আছে।
দিনটোৰ আৰম্ভণিতে তেওঁৰ ব্যক্তিগত সচিব চিমি ৰিগজিনে ধৰ্মশালাত কৈছিল যে তিব্বতীয় আধ্যাত্মিক নেতাজন চিকিৎসা পৰীক্ষাৰ বাবে দিল্লীত আছিল।
দালাই লামা নিৰন্তৰ চৰ্দিত ভুগি আছিল৷ ৰিগজিনে কয় যে চিন্তা কৰাৰ কোনো কাৰণ নাই আৰু অহা দুই-তিনি দিনৰ ভিতৰত তেওঁ ধৰ্মশালালৈ ঘূৰি আহিব।