--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি মাত্ৰ শতকীয় ইনিংছ।ফৰ্মহীনতাত থকা কোহলীৰ জীৱন সলনি কৰি দিব বুলি সদৰী কৰিছে ভাৰতৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে। ফৰ্মৰ বাহিৰত থকা প্ৰাক্তন অধিনায়কগৰাকীয়ে কোনো আন্তঃৰাষ্ট্ৰীয় ফ্ৰেঞ্চাইজী লীগতে আশানুৰূপ স্ক’ৰ কৰিব পৰা নাই।

তেওঁ কয়, ‘প্ৰতিজন ক্ৰিকেটাৰৰে বেয়া সময় থাকে। কোহলীৰো বেয়া সময় চলিছে। কিন্তু এটা ডাঙৰ শতকীয় ইনিংছৰ আগ্ৰাসনত আৰু অধিক আত্মবিশ্বাসী হৈ উঠিব পাৰে কোহলী। স্মৰ্তব্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰা কোহলীৰ বেটত নাই শতকীয় ইনিংছ। আনকি ৰান স্ক’ৰিঙৰ ক্ষেত্ৰত পদে প্ৰতি ব্যৰ্থ হোৱা দেখা গৈছে তেওঁক। ৭০টা শতক নিজৰ দখলত থকা কোহলীয়ে ২০২০ চনৰ পৰা টেষ্টৰ শেষৰ ১৭টা ইনিংছত মাত্ৰ ৬টা অৰ্ধশতকেৰে ৮৪১ ৰানহে সংগ্ৰহ কৰিছে। আনহাতে,  ১৮টা এদিনীয়া ইনিংছত ৯টা অৰ্ধশতকেৰে ৭০২ ৰানহে সংগ্ৰহ কৰিছে তেওঁ।

টি-২০ত ৬টা অৰ্ধশতকেৰে ২২টা ইনিংছত ৬৬৩টা ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত শতক অৰ্জন কৰিব নোৱাৰিলেও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পঞ্চদশ সংস্কৰণত এটা ডাঙৰ স্ক’ৰৰ স্বপ্নত বিভোৰ হৈ পৰিছিল কোহলী। কিন্তু তাতো বিফল হয় বিৰাট কোহলী। 

অৱশ্যে, এটা শতকীয় ইনিংছে কোহলীক সলনি কৰি দিব বুলি অনুভৱ কৰিছে  আজহাৰউদ্দিনে। কৌশলগৰ কোনো সমস্যা নাই বুলিও তেওঁ কয়। কেতিয়াবা ভাগ্যৰ প্ৰয়োজন হয়। যদি তেওঁ ডাঙৰ স্ক’ৰ কৰে, ডাঙৰ শতক পায়, তেন্তে কোহলীৰ সেই আক্ৰমণাত্মক শ্বট আৰু আত্মবিশ্বাস উভতাই পাব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?