গুৱাহাটী: পুনৰ ৰে’লত আহিব এতিয়া আপোনাৰ পাৰ্চেল৷ পাৰ্চেল কঢ়িয়াবলৈ এতিয়াৰে পৰা ৰে’লৱে বিভাগে লীজত দিব ৰে’লৰ দবা৷ ৮খনকৈ ৰে'লৰ এটাকৈ দবা লীজত দিব ৰে’লৱে বিভাগে৷ ইতিমধ্যে আবেদনৰ বাবে এটা ৱেবছাইট মুকলি কৰি দিছে বিভাগটোৱে৷
www.ireps.gov.inত নিবিদাৰ বাবে আবেদন কৰিব পাৰিব ব্যৱসায়ীয়ে৷ ৰে’লৱে বিভাগৰ পঞ্জীয়নভুক্ত ব্যৱসায়ীয়ে আবেদন কৰিব পাৰিব অনলাইনযোগে৷ সমগ্ৰ দেশৰ পঞ্জীয়নভুক্ত ব্যৱসায়ীৰ বাবে এই সুবিধা প্ৰদান কৰিছে ৰে’লৱে বিভাগে৷
উল্লেখ্য যে, লকডাউনৰ বাবে বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল এই নিবিদা ব্যৱস্থা৷ অহা ২৪ নৱেম্বৰত অন্ত পৰিব অনলাইন আবেদনৰ সময়সীমা৷