--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী! কাইলৈ বহুপ্ৰতীক্ষিত পোহৰৰ উৎসৱ৷গৰিষ্ঠসংখ্যক লোকে পৰিয়াল আৰু আপোনজনৰ সৈতে দীপাৱলীৰ দিনটো উদ্‌যাপন কৰে। বেছিভাগ কৰ্মনিয়োজিত লোকৰ বাবে বন্ধৰ দিন আৰু তেওঁলোকে মালিক বা কৰ্তৃপক্ষৰ পৰা দীপাৱলী বুলি বোনাছ বা কোনো ধৰণৰ উপহাৰ পোৱাটো একেবাৰেই সাধাৰণ কথা।

কিন্তু এজন নিয়োগকৰ্তাই তেওঁৰ কৰ্মচাৰীসকলক দীপাৱলীৰ বাবে ঘৰলৈ যাবলৈ ছুটী দিয়াৰ পৰা বঞ্চিত হোৱাটো এক চাঞ্চল্যকৰ হত্যাকাণ্ডত যেতিয়া পৰিণত হয় তেতিয়া প্ৰকৃততে সকলো সচকিত হৈ পৰে।

শনিবাৰে নিশা মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা ৰাজু ভৌৰাও ধেংৰেক ডিঙি চেপি দুজন কৰ্মচাৰীয়ে প্ৰহাৰ হত্যা কৰে।নাগপুৰ-উমৰেদ পথৰ পাচগাঁৱত এখন ধাবা চলাই থকা ৪৮ বছৰীয়া যুৱকজনে দীপাৱলীৰ বাবে ছুটী আৰু বোনাছৰ দাবী নাকচ কৰাৰ পাছতে চ'তু আৰু আদি নামৰ দুজন কৰ্মচাৰীয়ে হত্যা কৰে।

খবৰ অনুসৰি মধ্যপ্ৰদেশৰ মণ্ডলাৰ চ'তু আৰু আদিয়ে দীপাৱলীৰ বাবে ঘৰলৈ যাব বিচাৰিছিল। তদুপৰি তেওঁলোকে মালিকৰ পৰা দীপাৱলীৰ বোনাছ বিচাৰিছিল, যিটো পূৰণ নহ’ল যাৰ ফলশ্ৰুতিত এই অনাকাংক্ষিত ঘটনা সংঘটিত হয়।

আৰক্ষীয়ে জনোৱা মতে, মাত্ৰ প্ৰায় এমাহ পূৰ্বে ধেংৰে এজন এজেণ্টৰ জৰিয়তে চ’তু আৰু আদিক নিযুক্তি দিছিল।শনিবাৰে নিশা ধাবাত ৰাতিৰ আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে পইছাক লৈ ধেংৰে আৰু কৰ্মচাৰী দুজনৰ মাজত কাজিয়া আৰম্ভ হয়। পাছত তেওঁ শুই যায় আৰু ধেংৰে বিচনাত পৰি থকাৰ সময়তে দুয়োজনে ডিঙি চেপি হত্যা কৰাৰ লগতে কাঠৰ টুকুৰায়ো আক্ৰমণ কৰে।

ইয়াৰ পাছত দুয়োজন অভিযুক্ত ধেংৰেৰ গাড়ীত উঠি পলায়ন কৰে যদিও ভিৰগাঁৱৰ নাগ নদীৰ এখন দলঙৰ সমীপত গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত কৰি সেই ঠাই পৰিত্যাগ কৰে।আৰক্ষীৰ মতে, দুয়োজন লোক এতিয়াও পলাতক অৱস্থাত আছে আৰু তেওঁলোকৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?