--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : হিন্দী ছবিজগতত এনে কিছুমান ছুপাৰহিট যুটি আছে যিসকলৰ ছবিৰ বাবে অধীৰভাৱে অপেক্ষা কৰে অনুৰাগীসকলে। দীৰ্ঘবিৰতিৰ পাছত তেওঁলোকৰ ছবি মুকলি হোৱাৰ খবৰে সেইবাবেই সকলোকে আলোড়িত কৰি তোলে। এগৰাকী পৰিচালক আৰু অভিনেতাৰ যুটিক দীর্ঘদিন একেলগে কাম কৰা দেখা পোৱা নাই চলচিত্ৰপ্ৰেমীয়ে। তেওঁলোক হৈছে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালী।

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিন লৈ কি বাৰ্তা দিলে বিৰাট, ঈশান্তে…

২০০২চনত মুক্তিপ্রাপ্ত ছুপাৰহিট ছবি 'দেবদাস'-ৰ পাছত আৰু একেলগে কাম কৰা নাই দুয়ো। প্ৰায় দুটা দশকৰ অন্তত দৰ্শকসকললৈ আহিছে এটা সুখৰ খবৰ। শেহতীয় খবৰ মতে শ্বাহৰুখ খান আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে যুটীয়াভাৱে পুনৰ কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।


বলিউড হাংগামা-ৰ প্ৰতিবেদন অনুযায়ী শ্বাহৰুখ খানক তেওঁৰ পৰৱর্তী ছবিৰ মুখ্য চৰিত্ৰত ৰখাৰ আঁচনি গ্ৰহণ কৰিছে সঞ্জয় লীলা বাঞ্চালীয়ে। ছবিখন এটা প্রেমৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা হ’ব বুলি জানিব পৰা গৈছে। প্রায় ৪বছৰ আগতে এইখন ছবিৰ বাবে বলীউডৰ বাদশ্বাহ খানক প্রস্তাব দিছিল পৰিচালকে।

আৰু পঢ়িব পাৰিব : ৰাজ্যত গণতন্ত্ৰ শেষ হোৱাৰ ইংগিত! শপতগ্ৰহণৰ পাছতে ৰাজ্যপালৰ বিস্ফোৰক মন্তব্য

কিন্তু তেতিয়া কোনোধৰণৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাছিল তেওঁলোক।এতিয়া তেওঁৰ আলিয়া ভাট অভিনীত ছবি 'গাঙ্গুবাই কাথিয়াৱাড়ি'-ৰ শ্বুটিং শেষ হোৱাৰ পাছত নতুন ছবিখনক লৈ শ্বাহৰুখ খানৰ সৈতে যাৱতীয় কাম-কাজ সমূহ আগবঢ়োৱাৰ কথা ভাবিছে প্ৰখ্যাত পৰিচালকগৰাকীয়ে। বিশেষ সূত্ৰৰ তথ্য মতে, ছবিখনৰ নাম ৰখা হৈছে 'ইজহাৰ'।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?