--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীপাৱলীক পোহৰৰ উৎসৱ বুলি কোৱা হয়। এই দিনটোতে ধনী-দুখীয়া সকলোৱে পোহৰৰে উজ্বলাই তোলে নিজৰ ঘৰখন। দীপাৱলী উপলক্ষে বিভিন্ন পৌৰাণিক প্ৰথা আজিও প্ৰচলিত আছে। আনহাতে, দীপাৱলীৰ দিনা ফেঁচা দেখাটো শুভ বুলি গণ্য কৰাৰ বিপৰীতে ফেঁচা বলিও দিয়া হয়। ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণটো কি জানো আহক।

 কি এই পৌৰাণিক অন্ধবিশ্বাস?

ফেঁচা হৈছে দেৱী লক্ষ্মীৰ বাহন। মালক্ষ্মীক ধনৰ দেৱী বুলিও কোৱা হয়। জনবিশ্বাস অনুসৰি দীপাৱলী বা ধনতেৰছত ফেঁচা বলি দিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। ইয়াৰ বাবে বলিদানকাৰীসকলে বজাৰৰ পৰা ক্ৰয় কৰি ৪৫দিন আগতীয়াকৈ আনি থয়। বলিদানৰ দিনা ফেঁচাক সুৰা খাবলৈ দিয়া হয়। আনহাতে বলি দিয়াৰ পাছত ইয়াৰ কাণ, চকু আৰু ডেউকাকো পূজা কৰা হয়। এই সময়ত তান্ত্ৰিকে অবিৰতভাৱে মন্ত্ৰ জপ কৰে। দীপাৱলীৰ সময়ত ফেঁচা চিকাৰীসকল অতি সক্ৰিয় হৈ থাকে আৰু অবৈধভাৱে সৰবৰাহ কৰে।

 ভাৰতৰ আইনে কি কয়?

ভাৰতীয় আইন অনুসৰি এনে অন্ধবিশ্বাসৰ প্ৰথাৰ অংশগ্ৰহণকাৰীসকলক শাস্তিৰ ব্যৱস্থা আছে। দীপাৱলী উপলক্ষে যি ব্যক্তি ফেঁচা চিকাৰ কৰি ধৰা পৰে, তেওঁলোকৰ কমেও ৩ বছৰ বা তাতোকৈ অধিক কাৰাদণ্ডৰ শাস্তি দিয়া হয়। মন কৰিবলগীয়া যে ভাৰতীয় বন্যপ্ৰাণী আইন ১৯৭২ৰ অনুসূচী-১ৰ অধীনত ফেঁচাক এক বিপন্নপ্ৰজাতি প্ৰাণী হিচাপে ঘোষণা কৰা হৈছে। এতিয়ালৈকে ভাৰতত মাত্ৰ ৩৬ প্ৰজাতিৰ ফেঁচা পোৱা যায়। ভাৰতীয় আইন অনুসৰি ফেঁচা চিকাৰ কৰা বা হত্যা কৰাটো সম্পূৰ্ণ অবৈধ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?