ডিজিটেল ডেস্ক : কাতি মাহৰ অমাৱশ্যাৰ
দিনা সমগ্ৰ দেশতে দীপাৱলী উৎসৱ পালন কৰা হয়। আজিৰ দিনটোত মালক্ষ্মী আৰু গণেশক পূজা
কৰাৰ নিয়ম আছে। বিশ্বাস কৰা হয় যে আজিৰ দিনটোতে মালক্ষ্মীয়ে ভক্তক বিশেষ আশীৰ্বাদ
প্ৰদান কৰে। সেয়েহে এই দিনটোত গণেশ, কুবেৰ আৰু মালক্ষ্মীৰ পূজা কৰাৰ বিশেষ নিয়ম আছে
আৰু দীপাৱলীৰ দিনা ঘৰলৈ কোনবোৰ সামগ্ৰী ক্ৰয় অনাটো শুভ বুলি গণ্য কৰা হয় জানো আহক।
১. মালক্ষ্মীৰ পূজাত গোমতি চক্ৰ ব্যৱহাৰ কৰা হয়। সেয়েহে অতীজৰে পৰা দীপাৱলীৰ দিনা ১১টা গোমতি চক্ৰ ক্ৰয় কৰি ঘৰলৈ আনি মালক্ষ্মীক আগবঢ়াৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। ইয়াৰ পাছত পাছদিনা ৰঙা কাপোৰত বান্ধি টকা থোৱা স্থানত ৰাখিলে মালক্ষ্মীৰ কৃপা সদায় ঘৰখনত পৰে আৰু ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
২. দীপাৱলীৰ দিনা কিছুমান বস্তু ঘৰলৈ অনাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটোত মালক্ষ্মী আৰু গণেশৰ মূৰ্তি ঘৰলৈ অনাটো অতি শুভ বুলি মনা হয়। এই মূৰ্তি থকা ঘৰত মালক্ষ্মী বাস কৰে বুলি বিশ্বাস কৰা হয়। মূৰ্তিটো আনোতে বিশেষ জানিবলগীয়া কথাটো হ’ল যে ভগ্নমূৰ্তি পূজাত কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। লগতে মনত ৰখা দৰকাৰ যে গণেশৰ মূৰ্তিৰ সূৰডাল সদায় বাওঁফালে থাকিব লাগে।
৩. জ্যোতিষশাস্ত্ৰ মতে দীপাৱলীৰ দিনা ঘৰলৈ নতুন কাপোৰ অনাটোও অতি শুভ বুলি গণ্য কৰা হয়। কোৱা হয় যে ইয়াৰ ফলত শুক্ৰ দেৱতা সন্তুষ্ট হয় আৰু ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে।
৪. শ্ৰীযন্ত্ৰ বা মহালক্ষ্মী যন্ত্ৰও মালক্ষ্মীৰ অতি প্ৰিয়। কোৱা হয় যে যি ঘৰত শ্ৰীযন্ত্ৰ থাকে, তাতেই মালক্ষ্মীবাস কৰে। লক্ষ্মী পূজাত এই যন্ত্ৰসমূহ পূজা কৰাৰ বিশেষ গুৰুত্ব আছে। পূজাস্থলীত এই যন্ত্ৰ ৰাখিলে আৰু প্ৰতিদিনে পূজা কৰিলে আৰ্থিক অৱস্থা সুদৃঢ় হয়।
৪. দীপাৱলীৰ দিনা কড়ী ক্ৰয় কৰাটোও শুভ বুলি গণ্য কৰা হয়। সমুদ্ৰ মন্থনৰ সময়ত কড়ী উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয় আৰু এই কড়ী মালক্ষ্মীৰ অতি প্ৰিয় বুলি মনা হয়। জনবিশ্বাস অনুসৰি কড়ীয়ে ধন আকৰ্ষণ কৰাৰ গুণ আছে। দীপাৱলী পূজাৰ সময়ত মালক্ষ্মীক অৰ্পণ কৰাটো শুভ মনা হয়। পিছদিনা এই কড়ীবোৰ ৰঙা কাপোৰ এখনত বান্ধি টকা ৰখা ঠাইত ৰাখিব লাগে।
৫. দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষশাস্ত্ৰৰ মতে নাৰিকল মালক্ষ্মীৰ অতি প্ৰিয়, গতিকে দীপাৱলীৰ দিনা নাৰিকল ক্ৰয় কৰিলে আৰ্থিক অৱস্থা মজবুত হোৱাৰ লগতে কেতিয়াও শস্যৰ অভাৱ নহয়।