--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ছ’চিয়েল মিডিয়াত ভুমুকিয়াইছে বিজয় মালিয়াই৷ দীপাৱলী উপলক্ষে ‘এক্স’ত শুভেচ্ছা জ্ঞাপন কৰে বিজয় মালিয়াই৷ নেটিজেনে মালিয়াক ইতিমধ্যে ‘বেংক হলিডে মাৰ্চেণ্ট’ বুলি অভিহিত কৰিছে৷

পলাতক ব্যৱসায়ী বিজয় মালিয়াই আজি পুনৰ নিজৰ বিৰল উপস্থিতি ঘোষণা কৰি ‘এক্স’ত তেওঁৰ অনুগামীসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে৷ 

বেংক বন্ধৰ সময়ত মালিয়াৰ এনে ধৰণৰ উপস্থিতি ঘোষণাৰ বিশেষ খ্যাতি আছে। মালিয়াৰ এটা সুৰা কোম্পানী, এয়াৰলাইন, ফৰ্মুলা ওৱান টীম আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ক্ৰিকেট ক্লাবত বিনিয়োগ আছিল। 

তেওঁ যেতিয়া বিত্তীয় সমস্যাত পৰিছিল তেতিয়া তেওঁ লাখ লাখ টকাৰ ঋণ ঘূৰাই দিয়াত ব্যৰ্থ হৈছিল৷ আৰু ২০১৬ চনত বেংকৰ এটা গোটে ধন পুনৰুদ্ধাৰ কৰাৰ প্ৰচেষ্টাৰ মাজতে তেওঁ ভাৰত ত্যাগ কৰি পলায়ন কৰিছিল।
 
কিংফিছাৰ এয়াৰলাইনছৰ বিফলতাৰ পাছৰে পৰা মালিয়াৰ ঋণৰ সমস্যা আৰম্ভ হৈছিল আৰু তেওঁৰ কেইবাটাও ব্যৱসায়ৰ পতনৰ আৰম্ভণি হৈছিল। ২০১২ চনত ভাৰত চৰকাৰে এয়াৰলাইনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল৷ কিয়নো প্ৰতিষ্ঠানটোৱে পাইলট আৰু অভিযন্তাসকলক কেইবামাহধৰি মজুৰি পৰিশোধ কৰাত ব্যৰ্থ হৈছিল।

এতিয়া মালিয়াই কেৱল কোনো ধৰণৰ উৎসৱ উপলক্ষেহে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। এই বছৰ মালিয়াই সকলোকে পোংগল, সংক্ৰান্তি, হোলী, উগাদি, বিশু, ইষ্টাৰ, জন্মাষ্টমী, গণেশ চতুৰ্থী আৰু ঈদৰ শুভেচ্ছা জনাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?