ডিজিটেল ডেস্ক: সমাগত দীপাৱলী। সমগ্ৰ ভাৰততে ২৪ অক্টোবৰত পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰা হ'ব। জনবিশ্বাস আছে যে দীপাৱলীৰ দিনা ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মী পৃথিৱীলৈ আহে আৰু মানুহৰ ঘৰত প্ৰৱেশ কৰে। লগতে এইটোও বিশ্বাস আছে যে মা লক্ষ্মী সেই ঘৰতহে প্ৰৱেশ কৰে য'ত পৰিষ্কাৰ পৰিচ্ছন্ন অটুত থাকে। সেয়েহে, দীপাৱলীৰ পূৰ্বে মানুহে তেওঁলোকৰ গোটেই ঘৰটো ভালদৰে পৰিষ্কাৰ কৰে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি দীপাৱলীত ঘৰ পৰিষ্কাৰ কৰাৰ সময়ত কিছুমান বস্তু পোৱাটোৱে এক অতি শুভ লক্ষণৰ সংকেত দিয়ে। এই বস্তুবোৰে আগন্তুক দিনৰ সুখ আৰু সম্পদৰ ইংগিত দিয়ে।
দীপাৱলীত ঘৰ পৰিষ্কাৰ কৰোতে এই ৫ টা বস্তু পালে পালে অতি শুভ হয়-
১. পৰিষ্কাৰ কৰাৰ সময়ত আপোনাৰ পুৰণি ৱালেটত যদি হঠাতে ধন পায় তেনেহ'লে ইয়াক অতি শুভ। এই ধন আপুনি মন্দিৰলৈ দান কৰক। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় বুলি বিশ্বাস আছে।
২. দীপাৱলীত পৰিষ্কাৰ কৰাৰ সময়ত ঘৰৰ যিকোনো কোণৰ পৰা মা লক্ষ্মীৰ অতি প্ৰিয় শংখ পোৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। শংখ পোৱাৰ অৰ্থ হৈছে যে আপুনি অতি শীঘ্ৰে ধন লাভ কৰিব পাৰে।
৩. তদুপৰি দীপাৱলীত পৰিষ্কাৰ কৰাৰ সময়ত হঠাতে বাঁহী পোৱাটোও অতি ভাল বুলি গণ্য কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে আপুনি ঈশ্বৰৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত আৰু সোনকালেই আপোনাৰ জীৱনত শুভ দিন আহিব পাৰে।
৪. যদি পৰিষ্কাৰ কৰাৰ সময়ত সৰু পাত্ৰত ৰখা চাউল হঠাতে পায় তেনেহ'লে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়।
৫. লগতে পৰিষ্কাৰ কৰাৰ সময়ত আপুনি যদি ৰঙা কাপোৰ পায়, তেন্তে ই অতি শুভ। ই আপোনাৰ ভাল দিনৰ আৰম্ভণি সূচায়।