ডিজিটেল ডেস্ক: প্ৰ'টিন হৈছে আমাৰ শৰীৰৰ এটা গুৰুত্বপূৰ্ণ উপাদান। প্ৰটিন নাথাকিলে আমাৰ দেহত ভীষণ সমস্যাৰ সৃষ্টি হয়। ই হাড়, পেশী, ছাল, আৰু চুলিৰ গঠনত সহায় কৰে। ইয়াৰ উপৰি মেটাব'লিজম, এনজাইম আৰু হৰমনৰ উৎপাদন আৰু কোষৰ পুনৰ গঠনতো প্ৰ'টিনে উল্লেখযোগ্য ভূমিকা পালন কৰে। সেয়েহে দৈনিক আহাৰত প্ৰ'টিনৰ উপস্থিতি নিশ্চিত কৰাটো অত্যন্ত প্ৰয়োজনীয়।
প্ৰ'টিনৰ মূলত দুটা প্ৰধান উৎস আছে: উদ্ভিজ আৰু জীৱজ। উদ্ভিজ উৎসৰ ভিতৰত দাল, বাদাম, বীন, ছয়াবীন, আৰু শস্য উল্লেখযোগ্য। জীৱজ উৎসৰ ভিতৰত মাংস, মাছ, কণী, আৰু দুগ্ধজাত খাদ্য অন্তর্ভুক্ত। এগৰাকী সাধাৰণ ব্যক্তিয়ে নিজৰ শৰীৰৰ প্ৰতিগ্ৰাম ওজনৰ বাবে ০.৮ গ্ৰাম প্ৰ'টিন গ্ৰহণ কৰিব লাগে। যদিও এই মাত্ৰা ব্যক্তিৰ বয়স, লিংগ আৰু দৈহিক পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে। শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তি বা খেলুৱৈৰ অধিক পৰিমাণে প্ৰ'টিনৰ প্ৰয়োজন হ'ব পাৰে।
প্ৰ'টিনৰ অভাৱ হ'লে পেশী দুৰ্বলতা, চুলি সৰা, হজমৰ সমস্যা আৰু ইমিউনিটি দুৰ্বল হোৱাৰ দৰে সমস্যা দেখা দিব পাৰে। আনহাতে, অধিক পৰিমাণে প্ৰ'টিন গ্ৰহণ কৰিলে কিডনী আৰু লিভাৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। সেয়ে, পৰিমিত মাত্ৰাত প্ৰ'টিন গ্ৰহণ কৰাটো একান্তই প্ৰয়োজন।
দৈনিক খাদ্যত প্ৰ'টিনৰ সঠিক মাত্ৰা অন্তর্ভুক্ত কৰিলে শৰীৰৰ স্বাস্থ্য, ওজন নিয়ন্ত্ৰণ, আৰু মানসিক উন্নতিত সহায়ক হয়। সেয়েহে আজিৰে পৰাই আপোনাৰ খাদ্য তালিকাত প্ৰ'টিনযুক্ত খাদ্য যোগ কৰক আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ আৰম্ভণি কৰক।