--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

মুম্বাই : ক’ভিড আঁতৰি যোৱাৰ আশা এতিয়াও সুদূৰ পৰাহত হৈ ৰৈছে বিশ্ববাসীৰ বাবে। ভাৰতত শেহতীয়াকৈ আকস্মিক সংক্ৰমণ বৃদ্ধিয়ে উদ্বেগৰ সৃষ্টি কৰিছে। দেশৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত মহাৰাষ্ট্ৰত এইবাৰ সৃষ্টি হৈছে নতুন উদ্বেগৰ। এই উদ্বেগ সৃষ্টি কৰিছে ডেল্টা প্লাছ সংক্ৰমণে। সম্পূৰ্ণ টিকাকৰণ কৰাৰ পাছতো ভালেমান লোক ডেল্টা প্লাছত আক্ৰান্ত হোৱা তথা এজনৰ মৃত্যু হোৱাৰ তথ্যই সৃষ্টি কৰিছে সংশয়ৰ।

মুম্বাইত ডেল্টা প্লাছ ক’ভিডত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। ২১ জুলাইত ক’ভিড পজিটিভ চিনাক্ত হোৱা এগৰাকী ৬৩বছৰীয়া মহিলাৰ বিগত ২৭জুলাইত মৃত্যু হয়। তেওঁ ডায়েবিটিছকে ধৰি আন ভালেমান দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে। মহাৰাষ্ট্ৰত ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা এয়া দ্বিতীয়জন কোভিড ৰোগী। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৰত্নগিৰিৰ এগৰাকী ৮০ বছৰীয়া মহিলাৰ অনুৰূপ সংক্ৰমণৰ ফলত যোৱা মাহত মৃত্যু হৈছিল।

আনহাতে মুম্বাইত মৃত্যু হোৱা মহিলাগৰাকীয়ে সম্পূৰ্ণ টিকা গ্ৰহণ কৰাৰ পাছতো ডেল্টা প্লাছ প্ৰকাৰৰ দ্বাৰা আক্ৰান্ত হয়। তেওঁৰ লগতে সম্পূৰ্ণ টিকাকৰণ কৰা আন সাতগৰাকী লোকো ডেল্টা প্লাছ প্ৰকাৰৰ সংক্ৰমণত ভোগা বুলি জানিব পৰা গৈছে। বুধবাৰে এইসকল আক্ৰান্তৰ নমুনা পৰীক্ষাৰ ফলাফল প্ৰকাশ হয়। বৃহন মুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে ইতিমধ্যে আটাইকেইগৰাকী ডেল্টা প্লাছ আক্ৰান্তৰ সৈতে যোগাযোগ কৰিছে আৰু প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?