--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গৱইক ২০২৫ চনৰ ১৪ মে'ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ (চি জে আই) নিযুক্ত কৰে। কেন্দ্ৰীয় আইন মন্ত্রী অর্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমত এই কথা জনায়। বৰ্তমানৰ চি জে আই সঞ্জীৱ খান্নাই ১৩ মে'ত অৱসৰ গ্ৰহণ কৰিব। ন্যায়াধীশ বি আৰ গৱই হ'ব ভাৰতৰ ৫২সংখ্যক চি জে আই। 

অৱশ্যে তেওঁ ছমাহহে ভাৰতৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিব। ২০২৫ চনৰ নৱেম্বৰত তেওঁ অৱসৰ গ্ৰহণ কৰিব। গৱইক ২০১৯ চনৰ ২৪ মে'ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছিল। ১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাৱতীত গৱইৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্রয়াত আৰ এছ গৱই আছিল বিহাৰ আৰু কেৰালাৰ প্ৰাক্তন ৰাজ্যপাল তথা প্রখ্যাত সমাজকর্মী। নৱনিযুক্ত চি জে আই গৱয়ে ২০০৩ চনৰ ১৪ নৱেম্বৰত বোম্বে' উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰূপে তেওঁৰ ন্যায়িক জীৱন আৰম্ভ কৰিছিল। 

২০০৫ চনৰ ১২ নৱেম্বৰত তেওঁ স্থায়ী ন্যায়াধীশ হৈছিল। অনুসূচিত জাতিৰ পৰা নিযুক্ত গৱই হৈছে দ্বিতীয়গৰাকী চি জে আই। অনুসূচিত জাতিৰ প্ৰথমজন ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল কে জি বালকৃষ্ণণ। চৰকাৰৰ বিমুদ্ৰাকৰণ আঁচনিৰ সমর্থন জনায় দিয়া ৰায় লিখিছিল ন্যায়াধীশ বি আৰ গৱয়ে। কোনো অভিযুক্তৰ সম্পত্তি ধ্বংস কৰাটো অসাংবিধানিক বুলিও গৱয়ে এক ঐতিহাসিক ৰায় দিছিল। ইলেক্টৰেল বণ্ডৰ সাংবিধানিকতা পৰীক্ষা কৰা পীঠতো আছিল বি আৰ গৱই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?