--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : অচিৰেই এক বৃহৎ পৰিৱৰ্তন আহিব পাৰে দেশৰ ৰাজনীতিলৈ। দেশৰ মূল বিৰোধী দল কংগ্ৰেছে দলত সৃষ্টি হোৱা জড়তা দূৰ কৰাৰ বাবে দলটোৱে শীঘ্ৰেই গ্ৰহণ কৰিব পাৰে বৃহৎ পদক্ষেপ। কংগ্ৰেছত যোগ দিব পাৰে দেশৰ এগৰাকী অতি প্ৰভাৱশালী নিৰ্বাচনী কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। দেশৰ ৰাজনীতিত একপ্ৰকাৰ চমৎকাৰিত্ব সংঘটিত কৰিবলৈ সক্ষম হোৱা প্ৰশান্ত কিশোৰ কংগ্ৰেছত যোগ দিয়াটো দেশৰ ৰাজনাতিৰ এক বৃহৎ ঘটনা হিচাপে চিহ্নিত হ’ব পাৰে।

প্ৰশান্ত কিশোৰে কংগ্ৰেছ সভাপতি ছোনীয়া গান্ধী, মহাসচিব প্ৰিয়ংকা গান্ধী আৰু প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি আলোচনাত মিলিত হোৱাৰ পাছত এই সম্পৰ্কীয় চৰ্চা তীব্ৰ হৈ পৰিছে। উচ্চস্তৰীয় সূত্ৰই প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগ দিব পাৰে বুলি মন্তব্য কৰিছে। মঙলবাৰে দিল্লীত ৰাহুল গান্ধীৰ বাসভৱত প্ৰশান্ত কিশোৰৰে মিলিত হৈছিল কংগ্ৰেছৰ হাইকমাণ্ড। সূত্ৰটোৱে দাবী কৰিছে যে, প্ৰশান্ত কিশোৰৰ সৈতে ৰাজনৈতিক কৌশল নিৰ্ধাৰকজনৰ এই বৈঠক পঞ্জাব বা উত্তৰ প্ৰদেশৰ নিৰ্বাচনকেন্দ্ৰিক নাছিল বৰং তাতকৈ বৃহৎ এক বিষয় সন্দৰ্ভত আলোচনা কৰা হৈছিল। সূত্ৰটোৱে দাবী কৰা মতে ২০২৪চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰশান্ত কিশোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে, ২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি দল শাসনলৈ অহাৰ আঁৰত প্ৰশান্ত কিশোৰৰ পৰিকল্পনা তথা কৌশলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ পাছতো একাধিক ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ ‘মেজিক টাচ্চ’ৰ চমৎকাৰিত্ব প্ৰতিভাত হৈছিল। শেহতীয়াকৈ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰশান্ত কিশোৰৰ দিশ নিৰ্দেশাৰেই মমতা বেনাৰ্জীৰ তৃণমূলে মহাশক্তিধৰ বিজেপিক ওফৰাই দিবলৈ সক্ষম হৈছিল। তাৰ পাছৰ শেহতীয়া এই কুচকাৱাজ দেশৰ ৰাজনীতিৰ বাবে নতুন আলোড়নৰ বিষয় হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?