--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা সন্দৰ্ভত বিতৰ্কিত মন্তব্য বিজেপি সাংসদৰ। বিজেপি সাংসদ সুধীৰ গুপ্তাই শেহতীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানক। দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে মূলতঃ আমিৰ খানৰ দৰে তাৰকাক দোষাৰোপ কৰিছে সাংসদগৰাকীয়ে। কথাৰ প্ৰসংগত তেওঁ কয়, ‘আমিৰ খানৰ প্ৰথমা পত্নীৰ ২টা সন্তান, দ্বিতীয় পত্নীৰ ১টা সন্তান। সেইবিষয়ে মই তিলমানো চিন্তিত নহয়। কিন্তু তেওঁ পুনৰ তৃতীয় পত্নীৰ সন্ধান আৰম্ভ কৰিছে। এনে কাৰ্যই বিশ্বৰ দৃষ্টিত ভাৰতৰ ভাবমূৰ্তি ম্লান নকৰিবনে? এয়া অত্যন্ত দুৰ্ভাগ্যজনক যে, আমিৰ খানৰ দৰে ব্যক্তি দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী।’


উল্লেখ্য যে, ‘বিশ্ব জনসংখ্যা দিৱস’ৰ দিনা নতুন জনসংখ্যা নীতিৰ খচৰা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে। উক্ত সভাত আমিৰ খানৰ প্ৰসংগ উত্থাপন কৰে সাংসদ সুধীৰ গুপ্তাই। দেশৰ বৰ্ধিত জনসংখ্যাই উদ্বিগ্ন কৰি তুলিছে সাংসদগৰাকীক। সংবাদমেলৰ জৰিয়তে তেওঁ সদৰী কৰিছে যে, ‘এদিন হ’লেও জনসংখ্যা নিয়ন্ত্ৰণৰ কথা ভাবিবই লাগিব। সেই সময় সমাগত। ভাৰতবৰ্ষত বসতিস্থলৰ পৰিমাণ বৃদ্ধি হোৱা নাই অথচ জনসংখ্যা প্ৰায় ১৪০ কোটি। এইটো কোনোপধ্যে আনন্দৰ বিষয় হ’ব নোৱাৰে। বৰঞ্চ সকলোৱে ভাবিব লাগিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?