--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনকদিনে বৃদ্ধি পাইছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ৷ ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশ্যন (এমঅ’টিএন)ৰ সমীক্ষাত তেওঁৰ অনুমোদনৰ ৰেটিং ৫১ শতাংশৰ পৰা ৫৫.৪ শতাংশলৈ বৃদ্ধি পাইছে।

সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দিনকদিনে বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আগষ্ট ২০২৩-ত ৪৯.২ শতাংশৰ পৰা বৃদ্ধি পাই ফেব্ৰুৱাৰী ২০২৪-ত ৪৮.৬ শতাংশ আৰু আগষ্ট ২০২৪-ত ৫০.৮ শতাংশ হৈছেগৈ। এই সমীক্ষাই প্ৰমাণ কৰে যে শৰ্মাৰ জনপ্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে।।



এই সন্দৰ্ভত বিজেপি অসম প্ৰদেশে সামাজিক মাধ্যমত লিখে যে- "দেশৰ আগশাৰীৰ সংবাদগোষ্ঠী ইণ্ডিয়া টুডে গোষ্ঠীৰ 'মুড অৱ দ্য নেশ্যন' সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ স্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া"। হিমন্ত বিশ্ব শৰ্মাই ৫৫.৪ শতাংশ ভোট পোৱাৰ বিপৰীতে চন্দ্ৰবাবু নাইডুয়ে ৪৬.৯ শতাংশ আুৰু মমতা বেনাৰ্জীয়ে লাভ কৰে ৪৬.৯ শতাংশ ভোট।

মন্ত্ৰী পিযুষ হাজৰিকাই লিখে যে- এই সমীক্ষাই তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত-গ্ৰহণ প্ৰক্ৰিয়া আৰু জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত থকা বিচক্ষণতাকে প্ৰতিফলিত কৰে। সেয়েহে আমাৰ জননেতাগৰাকীৰ ওপৰত অসমবাসীৰ অপৰিসীম আস্থা আৰু বিশ্বাস অব্যাহত আছে।

সমীক্ষাত প্ৰকাশ পোৱা তালিকাৰ সন্দৰ্ভত ৰূপজ্যোতি কুৰ্মীয়ে লিখে যে- এই ফলাফল তেখেতৰ কঠোৰ পৰিশ্ৰম, ক্ষিপ্ৰ সিদ্ধান্ত গ্ৰহণ আৰু জনকল্যাণমূলক পদক্ষেপৰ প্ৰতিফলন।  এই সমীক্ষা প্ৰকাশ পোৱাৰ পাছতে বিভিন্নজনে মুখ্যমন্ত্ৰীগৰাকীক শুভকামনাৰে উপচাই পেলাইছে।

এডভান্টেজ অসম ২.০ কাষ চাপি অহাৰ লগে লগে এই সমীক্ষাই ৰাজ্যখনৰ এক আশাব্যঞ্জক বিনিয়োগৰ গন্তব্যস্থান হিচাপে স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে, অসমৰ দ্ৰুতগতিত বিকশিত হোৱা ব্যৱসায়িক পৰিৱেশৰ প্ৰতি আগ্ৰহী সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ বাবে এক বাধ্যতামূলক যুক্তি দাঙি ধৰিছে।

বিগত তিনি বছৰত অসমত আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, শিক্ষা, আৰু আইনৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতিৰ সাক্ষী হৈছে, উন্নয়নৰ পোষকতা আৰু জীৱন উন্নত কৰাৰ মূল পদক্ষেপ। শেহতীয়া সমীক্ষাৰ ফলাফলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ গতিশীল আৰু দূৰদৰ্শী নেতা হিচাপে সুনাম পুনৰ দৃঢ় কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?