--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শনিবাৰে হাৰিয়ানাৰ ফৰিদাবাদত উপস্থিত হৈ ৩৭০ নং অনুচ্ছেদ সন্দৰ্ভত নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কয় যে আজি জম্মু-কাশ্মীৰৰ মৌলৱীৰ মুখৰ পৰা ৰাম-ৰাম ওলাই আহিছে। যিসকল লোকে আগতে ভাৰতক গালি পাৰিছিল, সেই দিনলৈ আৰু বেছি দিন নাই যেতিয়া তেওঁলোকক হৰে ৰাম, হৰে কৃষ্ণ জপ কৰি ৰাজপথত খোজ কাঢ়ি যোৱা দেখা যাব।


জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মই যেতিয়া জম্মুলৈ গৈছিলো তেতিয়া তাত বৰষুণ দি আছিল,সোমাই যাওঁতে এজন ব্যক্তিয়ে মোক ৰাম-ৰাম বুলি মাতিলে। কাৰণ সেই ঠাইত মোৰ কোনো চিনাকী নাই, মই তেওঁৰ ফালে নাচালোঁ। কিছু সময়ৰ পাছত তেওঁ আকৌ ক’লে, যোগী চাহাব ৰাম-ৰাম।’ মুখ্যমন্ত্ৰী যোগীয়ে ক’লে যে মই দেখি আচৰিত কাৰন তেওঁ এজন মৌলৱী।


মুখ্যমন্ত্ৰী যোগীয়ে কয় ‘মৌলৱীৰ মুখৰ পৰা ৰাম-ৰামৰ কথা শুনি মই আচৰিত। অনুচ্ছেদ ৩৭০ নং অনুচ্ছেদ বিলুপ্তিৰ প্ৰভাৱ এইটোৱেই । যিসকলে আগতে ভাৰতক গালি পাৰি ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনাইছিল, আজি তেওঁলোকৰ মুখৰ পৰা ওলাই আহিছে ‘ৰাম-ৰাম’।’ 

ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মনত ৰাখিব যে যিদিনা বিজেপি আৰু শক্তিশালী হ’ব সেইদিনা তেওঁলোকক ভাৰতৰ ৰাজপথত হৰে ৰাম, হৰে কৃষ্ণ ধ্বনি দিয়া দেখা যাব। সেইবাবেই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰয়োজন।

এই সময়ছোৱাত তেওঁ কংগ্ৰেছক তীব্ৰ লক্ষ্য কৰি কয় যে দেশৰ সকলো সমস্যা কংগ্ৰেছৰ বাবেই হৈছে। দেশক সন্ত্ৰাসবাদ, নক্সালবাদ, উগ্ৰবাদ বা দেশত দুৰ্নীতি, নেপোটিজিম, এই সকলোবোৰ কংগ্ৰেছৰ অৱদান। মুখ্যমন্ত্ৰী যোগীয়ে কয় যে দেশৰ প্ৰতিটো সমস্যাৰ কাৰণ কংগ্ৰেছ আৰু প্ৰতিটো সমস্যাৰ সমাধান বিজেপি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?