--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতি খহি পৰিছে। বিগত সাতটা দশকত আটাইতকৈ বৃহত্‍ বিত্তীয় সংকটৰ সন্মুখীন হৈছে শ্ৰীলংকা। বিদেশী ঋণৰ বোজা ঘূৰাই দিয়াৰ উপায় বিচাৰি উলিয়াবলৈ অপাৰগ শ্ৰীলংকা চৰকাৰ। এনে পৰিস্থিতিত, চুবুৰীয়া দেশৰ কাষত জ্যেষ্ঠ ভাতৃৰ দৰে কাষত থিয় দিছে ভাৰত। বিনাচৰ্তে শ্ৰীলংকাক সকলো ধৰণে সহায় কৰি আহিছে ভাৰত চৰকাৰে। সংকটৰ এই গভীৰ সন্ধিক্ষণত ভাৰত চৰকাৰৰ এনে উদাৰ মনোভাৱ আৰু বলিষ্ঠ ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে  শ্ৰীলংকান ক্ৰিকেটাৰ। অৰ্জুন ৰণতুঙ্গাৰ পৰা সনথ জয়সূৰিয়ালৈকে, সকলোৱে ভাৰত চৰকাৰৰ এনে পদক্ষেপৰ বাবে জনাইছে ধন্যবাদ। 

দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক অৰ্জুন ৰণতুঙ্গা। তেওঁ কয়, ‘আজি আমি ভিক্ষাৰীৰ দৰে সমগ্ৰ বিশ্বৰ পৰা সহায় বিচাৰিব লগীয়া হৈছে। সৌভাগ্যক্ৰমে, বহু দেশে সহায়ৰ হাত আগবঢ়াইছে। বিশেষকৈ ভাৰত।’  কেৱল সেয়াই নহয় ৰাষ্ট্ৰপতি ৰাজপক্ষক আক্ৰমণ কৰি ৰণতুঙ্গাই কয়, ‘চৰকাৰে গৃহযুদ্ধৰ সূচনা কৰিব বিচাৰে। অপপ্ৰচাৰ বেছি হৈছে। এই সমস্যাটো তামিল আৰু মুছলমানসকলে সৃষ্টি কৰিছে। ভয় হয়, আমি পুনৰ গৃহযুদ্ধৰ সন্মুখীন হ'ব লাগিব বুলি।’ অৱশ্যে, সংকটৰ সময়ত ভাৰতে শ্ৰীলংকাৰ কাষত যিদৰে থিয় দিছে তাৰ বাবেও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়কজনে কয়, ‘ভাৰত আমাৰ বাবে জেষ্ঠ্য ভাতৃৰ দৰে। তেওঁলোকেই আমাৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ উদাৰতাৰ বাবেই জাফনা বিমানবন্দৰ মুকলি কৰাটো সম্ভৱ হৈছে।’

ৰণতুঙ্গাৰ লগতে ভাৰত চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ শ্ৰীলংকাৰ আন এগৰাকী প্ৰাক্তন অধিনায়ক জয়সূৰিয়া। তেওঁ কয়, ‘চুবুৰীয়া দেশ হোৱা স্বত্বেও ভাৰতে সদায় জ্যেষ্ঠ ভাতৃৰ দৰে আমাৰ কাষত থিয় দি আহিছে। ইয়াৰ বাবে মই ভাৰত চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছো। দৰাচলতে, শ্ৰীলংকাৰ পৰিস্থিতি অধিক বেয়া দিশে ঢাল খাইছে। এই সমস্যাটোৰ এতিয়াই সমাধান কৰিব নোৱাৰিলে আমাৰ বাবে জীয়াই থকাটো এক বৃহত প্ৰত্যাহ্বান হৈ পৰিব। মই আশা কৰোঁ যে, ভাৰতকে ধৰি অন্যান্য দেশৰ সহযোগিতাত দেশখনৰ পৰিস্থিতি উন্নত হ'ব। ’

স্মৰ্তব্য যে, ভাৰতৰ চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনৰ অৱস্থালৈ চাই ভাৰত চৰকাৰে ইতিমধ্যে শ্ৰীলংকালৈ ১ বিলিয়ন ডলাৰৰ সাহায্য ঘোষণা কৰিছে। ইতিমধ্যে ২৭০,০০০ মেট্ৰিক টন ইন্ধন প্ৰেৰণ কৰা হৈছে। ঔষধ, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীও প্ৰেৰণ কৰি ভাৰত চৰকাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?