--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%


নতুন দিল্লী : শাসকীয় বিজেপিৰ বিৰুদ্ধে সততে সৰৱ হৈ থকা প্ৰখ্যাত কবি-গীতিকাৰ জাভেদ আখতাৰ এইবাৰ বিজেপিৰ ৰোষৰ বলি হৈছে। আৰএছএছ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যৰ বাবে বিজেপিৰ ৰোষত পৰিছে চেলিব্ৰিটি লেখকগৰাকী। সংবাদ মাধ্যমৰ আগত দিয়া এটা সাক্ষাতকাৰত আখতাৰে আৰএছএছৰ তালিবানৰ সৈতে তুলনা কৰিছিল। এই বিতৰ্কিত মন্তব্যৰ পাছতে জাভেদ আখতাৰৰ বিৰুদ্ধে যুযুধান ৰূপ লৈছে বিজেপি দলে।

জাভেদ আখতাৰ জড়িত থকা কোনো চলচ্চিত্ৰ দেশত চলিবলৈ নিদিয়াৰ হুংকাৰ দিছে মহাৰাষ্ট্ৰ বিজেপিয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বৰ ওচৰত ক্ষমা নোখোজাপৰ্যন্ত গীতিকাৰগৰাকীক একপ্ৰকাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে মহাৰাষ্ট্ৰ বিজেপিয়ে। মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ ৰাম কাদমে আজি এই মন্তব্য কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনৰ সময়ত আখতাৰে তালিবান আৰু যিসকলে হিন্দু ৰাষ্ট্ৰ বিচাৰে তেওঁলোকক সমদৰ্শী বুলি মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, তালিবান বৰ্বৰ, তেওঁলোকে যিবোৰ কথা-কাণ্ড সংঘটিত কৰিছে সেয়া নিন্দনীয় । সমান্তৰালভাৱে আৰএছএছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দল আদিৰ দৰে কট্টৰ হিন্দুত্ববাদী সংগঠনৰ সমৰ্থকসকলো তালিবানৰ লেখীয়াই বুলি তেওঁ মন্তব্য কৰিছিল। তালিবান আৰু তালিবানৰ দৰে হোৱাৰ ইচ্ছা কৰা লোকসকলৰ মাজত এক অহেতুক সাদৃশ্য থকা বুলি উল্লেখ কৰি আখতাৰে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাকো সমালোচনা কৰিছিল। তাৰ এদিনৰ পাছতে জাভেদ আখতাৰৰ বিৰুদ্ধে বিজেপি আক্ৰমণাত্মক হৈ উঠিছে।

স্মৰ্তব্য যে, বিজেপিৰ আদৰ্শগত পিতৃ হিচাপে চিহ্নিত আৰএছএছে হিন্দু ৰাষ্ট্ৰৰ ধাৰণাক দীৰ্ঘদিনে এটা ৰূপ দিবলৈ চেষ্টা কৰি আছে আৰু এই ধাৰণাই এতিয়া প্ৰসাৰ লাভ কৰিছে। এনে পদক্ষেপক সমালোচনা কৰিছিল আখতাৰে। তেওঁক প্ৰত্যুত্তৰ দি কাদমে শনিবাৰে মন্তব্য কৰে যে, আখতাৰৰ মন্তব্য কেৱল লজ্জাজনকেই নহয় বৰং ই অতি দুখদায়ক আৰু আৰএছএছ তথা বিশ্ব হিন্দু পৰিষদৰ কোটি কোটি কৰ্মীৰ বাবে অপমানজনক। লগতে এই আদৰ্শৰ বিশ্বজুৰি থকা কোটি কোটি সমৰ্থকৰ প্ৰতিও ই ঘোৰ অপমান। এনে মন্তব্য কৰাৰ আগতে তেওঁ ভাবিব লাগিছিল যে, আৰএছএছৰ অনুৰূপ আদৰ্শত বিশ্বাসী লোকে এতিয়া দেশ চলাই আছে আৰু ৰাজধৰ্ম পালন কৰি গৈছে। যদি এই আদৰ্শ তালিবানী হ’লহেঁতেন তেন্তে তেওঁ এই মন্তব্য কৰিবলৈ সক্ষম হ’লহেঁতেননে? তেওঁ লগতে হুংকাৰ দিয়ে যে, যদিহে তেওঁ আৰএছএছৰ ওচৰত ক্ষমা নিবিচাৰে তেন্তে তেওঁ জড়িত থকা কোনো চলচ্চিত্ৰ দেশত চলিবলৈ নিদিয়ে বুলিও কাদমে হুংকাৰ দিয়ে। এক অৰ্থত জাভেদ আখতাৰৰ বিৰুদ্ধে এতিয়া সমগ্ৰ দেশতে বিজেপিয়ে জাৰি কৰিলে কঠোৰ নিষেধাজ্ঞা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?