--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে কয় যে দেশক এতিয়া ২২ লাখ দক্ষ গাড়ীচালকৰ প্রয়োজন। গাড়ীচালকৰ সঠিক প্ৰশিক্ষণৰ সুবিধা নথকা বাবে বহু দুর্ঘটনা হৈছে। 

লোক সভাৰ প্ৰশ্নকালত গাডকাৰীয়ে জনায় যে গাড়ীচালকৰ বাবে প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৪,৫০০ কোটি টকীয়া এখন আঁচনি আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে পর্যায়ক্রমে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত তেনে ১৬০০ প্রতিষ্ঠান স্থাপন কৰা হ'ব। 

ইয়াৰ ফলত ৬০ লাখ কর্মসংস্থান সৃষ্টি হ'ব। তেওঁ আৰু কয় যে সামূহিক প্রচেষ্টাকে ধৰি ইনষ্টিটিউট অব্ ড্রাইভিং ট্রেইনিং এণ্ড ৰিছাৰ্চ (আই ডি টি আৰ এছ), ৰিজিঅ'নেল ড্রাইভিং ট্রেইনিং চেণ্টাৰ (আৰ ডি টি চি) আৰু ড্রাইভিং ট্রেইনিং চেণ্টাৰ (ডি টি চি) স্থাপনৰ বাবে উপযুক্ত প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ অনুৰোধ জনোৱা হৈছে। 

তেওঁ আগলৈ কয় যে বিশ্ব বেংকৰ প্ৰতিবেদনৰ মতে, ভাৰতক আৰু ২২ লাখ গাড়ীচালক লাগে। মন্ত্রীজনে লগতে কয় যে প্ৰতি বছৰে পথ দুৰ্ঘটনাত ভাৰতত ১.৮ লাখ লোকৰ মৃত্যু হয় আৰু এই দুৰ্ঘটনাৰ বেছিভাগেই অপ্রশিক্ষিত গাড়ীচালকৰ বাবে হয়।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?