ডিজিটেল ডেস্ক : দেশত নৱজাতকৰ মৃত্যুৰ হাৰ
সম্পৰ্কীয় এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। দেশত শেহতীয়াকৈ নৱজাতকৰ মৃত্যুৰ হাৰ ভালেখিনি
হ্ৰাস হৈছে যদিও ই এতিয়াও উদ্বেগৰ বিষয় হৈয়েই ৰৈছে। শেহতীয়া এক চৰকাৰী তথ্য অনুসৰি
দেশত প্ৰতি ৩৬টা শিশুৰ ভিতৰৰ এটাই প্ৰথম জন্মদিনৰ পূৰ্বেই আঁকোৱালি লয় মৃত্যুক।
তাৎপৰ্যপূৰ্ণভাৱে নৱজাতকৰ মৃত্যুৰ হাৰৰ তথ্যক এখন দেশ বা এটা অঞ্চলৰ সামগ্ৰিক
স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতিৰ ক্ৰুড ইণ্ডিকেটৰ বা অপৰিশোধিত সূচক হিচাপে গন্য
কৰা হয়। নৱজাতক শিশু অৰ্থাৎ এবছৰতকৈ কম বয়সৰ এহেজাৰ শিশুৰ ভিতৰত কিমানে অকাল
মৃত্যুক আকোঁৱালি লয় তাৰ ওপৰত ভিত্তি কৰি এই তথ্য যুগুত কৰা হয়।
‘ৰেজিষ্টাৰ জেনেৰেল অব ইণ্ডিয়া’ই প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়া দেশত নৱজাতকৰ
মৃত্যুৰ হাৰ ১৯৭১ চনৰ তুলনাত চাৰিভাগৰ এভাগতকৈও কম। ২০২০ চনৰ তথ্য অনুসৰি প্ৰতি
১০০০ নৱজাতকৰ ভিতৰত দেশত এতিয়া ২৮টি শিশুৰ মৃত্যু হয়। আনহাতে ১৯৭১ চনত প্ৰতি
এহেজাৰৰ ভিতৰত মৃত্যু হৈছিল ১২৯টি শিশুৰ। বিগত ১০ বছৰত আইএমআৰ অৰ্থাৎ নৱজাতকৰ
মৃত্যুৰ হাৰ ৩৬ শতাংশ হ্ৰাস পাইছে। সৰ্বভাৰতীয় পৰ্যায়ত বিগত দশকটোত এই হাৰ ৪৪
শতাংশৰ পৰা ২৮ লৈ হ্ৰাস পাইছে।
প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি গ্ৰামাঞ্চলত এই হাৰ ৪৮ৰ পৰা ৩১ লৈ হ্ৰাস পাইছে আৰু চহৰ অঞ্চলত হ্ৰাস পাইছে ২৯ৰ পৰা ১৯লৈ। আনহাতে এই প্ৰতিবেদনত লগতে কোৱা হৈছে যে, দেশত আইএমআৰ হ্ৰাস পাই আহিলেও প্ৰতি ৩৬ টি নৱজাতকৰ ভিতৰত এটিয়ে মৃত্যুক আকোঁৱালি লয় তেওঁৰ প্ৰথম জন্মদিনৰ পূ্ৰ্বেই। ২০২০ চনত শিশুৰ মৃত্যুৰ হাৰৰ ফালৰ পৰা শীৰ্ষত আছিল মধ্যপ্ৰদেশ আৰু মিজোৰাম আছিল আটাইতকৈ উন্নত স্থানত। মধ্যপ্ৰদেশত প্ৰতি ১০০০ নৱজাতকৰ ভিতৰত ৪৩টিৰ মৃত্যু হোৱাৰ বিপৰীতে মিজোৰামত প্ৰতি এহেজাৰ নৱজাতকৰ ভিতৰত ৩টিৰ মৃত্যু হৈছিল।