--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি ধৰ্মীয় অনুষ্ঠানত লাউডস্পীকাৰ ব্যৱহাৰ এক অঘোষিত প্ৰতিযোগিতাত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ এই সন্দৰ্ভত বম্বে উচ্চ ন্যায়ালয়ে এটা গোচৰত মন্তব্য প্ৰদান কৰিছে যে কোনো ধৰ্মৰ বাবে লাউডস্পীকাৰ অপৰিহাৰ্য নহয়। আনহাতে, শব্দ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰক নিৰ্দেশ প্ৰদান কৰে আদালতে। আৰু লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধকৰণে কোনো ধৰ্মৰ অধিকাৰ খৰ্ব কৰা নাই বুলি উল্লেখ কৰে। শব্দ প্ৰদূষণৰ ফলত প্ৰায়ে গুৰুতৰ শাৰীৰিক ৰোগৰ সৃষ্টি কৰা দিশত আদালতে লক্ষ্য কৰিছিল। গতিকে প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰয়োজন। 

উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ১৯ ​​আৰু ২৫ নং অনুচ্ছেদত নাগৰিকক মত প্ৰকাশ আৰু ধৰ্মৰ স্বাধীনতা নিশ্চিত কৰা হৈছে। বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় ​​গাডকাৰী আৰু শ্যাম চান্দোকৰ বিচাৰপীঠে কয় যে লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰিলে সংবিধানৰ দুয়োটা অনুচ্ছেদৰ কোনো এটাই উলংঘা নহয়। লাউডস্পীকাৰৰ শব্দ নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট সকলো ধৰ্মীয় স্থানৰ কৰ্তৃপক্ষক নিৰ্দেশ দিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে আদালতে। লাগতে বিষয়টো গুৰুত্বসহকাৰে বিবেচনা  কৰিবলৈ আহ্বান জনাইছে।

মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তৰ মুঠ ৯টা মছজিদ আৰু মাদ্ৰাছাত লাউডস্পীকাৰ ব্যৱহাৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছিল। আৰু ধৰ্মীয় স্থানত লাউডস্পীকাৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা শব্দ প্ৰদূষণৰ বাবেও বহু লোক অসুস্থ হৈ পৰাৰ দাবী উত্থাপন  কৰি উচ্চ ন্যায়ালয়ত গোচৰটো দাখিল কৰে।

ন্যায়ালয়ে সকলোতে লাউডস্পীকাৰৰ ভলিউম নিয়ন্ত্ৰণ কৰিব লাগিব বুলি স্পষ্টভাৱে কয়। আৰু যিকোনো ধৰ্মৰ পূজাস্থলীৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য হ’ব বুলি সদৰি কৰে। প্ৰয়োজন হ’লে প্ৰশাসনে লাউডস্পীকাৰৰ ব্যৱহাৰতো নিষেধাজ্ঞা আৰোপ কৰিব পাৰে বুলি উল্লেখ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?