--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক মৰমেৰে বলীউডৰ ‘হি-মেন’ বুলি অভিহিত কৰা হয়। হিন্দী চিনেমাৰ আটাইতকৈ সুদৰ্শন অভিনেতা হিচাপে ধৰ্মেন্দ্ৰ পৰিচিত । ছয় দশকৰো অধিক দীঘলীয়া আৰু বিখ্যাত কেৰিয়াৰত তেওঁ ২০০ খনতকৈও অধিক ছবিত কাম কৰিছে। আজিও প্ৰবীণ অভিনেতাই নিজৰ অনুৰাগীৰ হৃদয়ত শাসন কৰে। 

১৯৬০ চনত ধৰ্মেন্দ্ৰই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ৮৯ বছৰ বয়সতো তেওঁ সক্ৰিয় হৈ আছে। উদ্যোগটোত তেওঁৰ যাত্ৰা অবিশ্বাস্য আৰু অনুৰাগীসকলে কিংবদন্তিগৰাকীৰ জীৱনৰ ওপৰত এখন বায়’পিক চাব বিচাৰে। অভিনেতাজনে এবাৰ তেওঁৰ বায়’পিকখনত কোনজন অভিনেতা বিচাৰে সেই বিষয়ে উল্লেখ কৰিছিল।

Dharmendra Revealed Which Actor Should Play Him In His Biopic, Surprisingly It's Not Sunny Or Bobby

আচলতে কেইবছৰমান আগতে ধৰ্মেন্দ্ৰই প্ৰকাশ কৰিছিল যে তেওঁৰ বায়’পিকখনত কোনজন অভিনেতাক তেওঁৰ চৰিত্ৰত অভিনয় কৰাটো বিচাৰে। আশ্চৰ্যজনক কথাটো যে তেওঁ নিজৰ চৰিত্ৰৰ বাবে নিজৰ পুত্ৰ ছানি দেউল বা ববি দেউলক বাছি লোৱা নাই। বৰঞ্চ তেওঁ প্ৰকাশ কৰে যে তেওঁৰ বাবে ছলমান খান এই চৰিত্ৰটোৰ বাবে এক ডাঙৰ পছন্দ হ’ব।


Dharmendra, Salman Khan

২০১৮ চনত হোৱা ধৰ্মেন্দ্ৰৰৰ এক সাক্ষাৎকাৰত তেওঁক সোধা হৈছিল যে যদি তেওঁৰ ওপৰত বায়’পিক নিৰ্মাণ কৰা হয়, তেন্তে তেওঁৰ ভূমিকা পালন কৰিবলৈ উপযুক্ত প্ৰাৰ্থী কোন হ’ব। এই বিষয়ে প্ৰবীণ অভিনেতাগৰাকীয়ে সকলোকে আচৰিত ধৰণৰ উত্তৰ দিলে। তেওঁ ক’লে যে, "মই ভাবো যে বায়'পিকখনত ছলমান খানে মোৰ ভূমিকা ল'ব পাৰে। তেওঁ মোৰ প্ৰিয় আৰু তেওঁৰ মোৰ দৰে কিছুমান অভ্যাস আছে। আপোনালোকে সকলোৱে ছলমান আৰু মোৰ অভ্যাসবোৰ ভালদৰে জানে।"

এক সাক্ষাৎকাৰত ধৰ্মেন্দ্ৰৰ অনুৰাগীয়ে মৰমেৰে ‘লৰ্ড ববী’ বুলি অভিহিত কৰা ধৰ্মেন্দ্ৰৰ কনিষ্ঠ পুত্ৰ ববি দেউলে ছলমান খানৰ সৈতে পিতৃৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিল। তেওঁ প্ৰকাশ কৰে যে ছলমান সদায় তেওঁৰ লগত আছে আৰু তেওঁৰ পিতৃক বহুত ভাল পায়। তেওঁ কয়, "তেওঁ মোৰ দেউতাক বহুত ভাল পায়। তেওঁলোকৰ মাজত যি বন্ধন আছে সেয়া আচৰিত।মোৰ দেউতাক তেওঁ বহুত সন্মান কৰে। মোৰ দেউতা আৰু মোৰ পৰিয়ালৰ প্ৰতি তেওঁৰ হৃদয়ত সুকীয়া স্থান আছে।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?