--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ প্ৰাক্তন পৰিবহণ মন্ত্ৰী তথা আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা কৈলাশ গেহলটে ১৭ নৱেম্বৰত আপৰ সদস্যপদ ত্যাগ কৰা খবৰে সৰ্বত্ৰ চৰ্চিত হৈ থকাৰ সময়তে সোমবাৰে পুৱা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে কৈলাশ গেহলটে৷দিল্লী বিধানসভা নিৰ্বাচনৰ ঠিক আগে আগে কৈলাশ গেহলটে বিজেপিত যোগদান কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

এয়া স্পষ্ট হৈ পৰিছে যে আগন্তুক নিৰ্বাচনত আম আদমি পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত প্ৰতিদ্বন্দ্বিতা তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কিয়নো বিগত সময়ছোৱাত অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ সহযোগী হিচাপে পৰিচিত আছিল কৈলাশ গেহলট। আপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ লগতো তেওঁ সদায় জড়িত আছিল। কেজৰিৱাল তিহাৰ জেললৈ যোৱাৰ সময়ত তেতিয়া দলৰ মূল সদস্য হিচাপে গেহলটৰ নাম লোৱা হৈছিল৷ কেজৰিৱালৰ পদত্যাগৰ সময়তো গেহলটক দলৰ সভাপতি পদৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হৈছিল।

তেওঁ বিজেপিত যোগদান কৰাৰ পিছত কয় যে, এয়া তেওঁৰ বাবে সহজ পদক্ষেপ নাছিল। তেওঁ আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ সৈতে জড়িত আছিল আৰু তেতিয়াৰ পৰাই আম আদমি পাৰ্টিৰ অংশ হৈ পৰিছিল৷

গেহলটৰ এই সিদ্ধান্তক লৈ বহু চৰ্চা চলি আছে যদিও, তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে চিবিআই আৰু ইডিৰ হেঁচাত তেওঁ এই পদক্ষেপ লোৱা বুলি প্ৰচাৰিত খবৰ সঁচা নহয়। তেওঁ স্পষ্টভাৱে কৈছে তেওঁ কোনোধৰণৰ ধৰণৰ হেঁচাত এই সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ তেওঁৰ চিন্তাধাৰা আৰু ৰাজনৈতিক মতাদৰ্শ অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে দুবাৰকৈ বিধায়ক হোৱা বিজেপিৰ নেতা অনিল ঝাই আজি আপত যোগদান সময়তে গেহলটৰ এই সিদ্ধান্ত বিশেষ তাৎপৰ্য্যপূৰ্ণ হৈ পৰিছে। দিল্লীৰ ৰাজনীতিতো এয়া এক বৃহৎ পৰিৱৰ্তন তথা আগন্তুক নিৰ্বাচনত নতুন সমীকৰণৰ দেখিবলৈ পোৱা যাব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?