ডিজিটেল ডেস্কঃ সমগ্ৰ দিল্লীতে এতিয়া ‘দিল্লীৰ উৰ্ফী’ক লৈ চৰ্চা। কিছুদিন পূৰ্বে কম পোছাক পৰিহিত মেট্ৰ’ত যাত্ৰা কৰাৰ সময়ত যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈছিল। ভাইৰেল ছোৱালীজনীক লৈও চিন্তিত হৈ পৰিছে মেট্ৰ’ কৰ্তৃপক্ষ। শেহতীয়াকৈ মেট্ৰ’ কৰ্তৃপক্ষই যাত্ৰীসকলক সাজ-পোছাক মানি চলিবলৈ আহ্বান জনাইছে।
এই সকলোবোৰ বিতৰ্কৰ মাজতে এইবাৰ দিল্লী মেট্ৰ’ৰ প্লেটফৰ্মত আন এগৰাকী যুৱতীয়ে নাচি থকা দেখা গ’ল। যুৱতীগৰাকীয়ে কেনেকৈ মেট্ৰ’ৰ ভিতৰত আৰু ভিডিঅ’ বনোৱা নিষিদ্ধ প্লেটফৰ্মত নিজৰ নৃত্যৰ ভিডিঅ’ বনাইছিল সেই বিষয়ে চৰ্চা চলি আছে।
ভিডিঅ’টোত দেখা গৈছে যে ৰঙা শাৰী পিন্ধি ছোৱালীজনীয়ে মেট্ৰ’ ষ্টেচনৰ প্লেটফৰ্মত একান্তমনে ভোজপুৰী গীতত নাচি আছে। পিন্ধিছে ৰঙা ক্ৰপ টপ, ৰঙা শাৰী, হাতত খাৰু, ডিঙিত সোণালী চ’কাৰ। সতীৰ্থ যাত্ৰীসকলেও আচৰিত হৈ তেওঁৰ ফালে চাই আছে।
এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এজন ব্যক্তিয়ে লিখিছে, "মেট্ৰ'ত ভিডিঅ' কৰিলে চি এছ এফৰ কৰ্মীসকলে বেয়াকৈ প্ৰহাৰ কৰে৷ গতিকে সাৱধান হওক!’ আন এজন ব্যক্তিয়ে লিখিছে, ‘মহিলাৰ আত্মবিশ্বাস দেখি মই আচৰিত হৈছো।’