--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আম আদমি পাৰ্টিয়ে শিক্ষামন্ত্ৰী আতিশী মাৰ্লিনাৰ নাম ঘোষনা কৰাৰ পাছতে৷ আম আদমি পাৰ্টি সিদ্ধান্তৰ ওপৰত সৰৱ হৈ পৰিছে দলটোৰ ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱাল৷ স্বাতী মালিৱালে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে এস্কত৷

আপৰ ৰাজ্যসভাৰ সদস্য স্বাতী মালিৱালে আতিশীক দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে লোৱা সিদ্ধান্তৰ বিৰোধীতা কৰি তেওঁক ‘পুতলা মুখ্যমন্ত্ৰী’ আখ্যা দিছে।স্বাতী মালিৱালে ক্ষোভ প্ৰকাশ কৰি কয় যে ‘দিল্লীৰ বাবে আজি অতি দুখৰ দিন।’ দিল্লীৰ মুখ্যমন্ত্ৰী পদত আতিশীৰ দৰে এগৰাকী মহিলা অধিষ্ঠিত হ’ব যাৰ পৰিয়ালে সন্ত্ৰাসবাদী আফজল গুৰুক মৃত্যুদণ্ডৰ পৰা বচাবলৈ ৰাষ্ট্ৰপতিলৈ আবেদন জনাইছিল৷ কিন্তু আতিশী মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে, সকলোৰে জ্ঞাত যে তেওঁ কেৱল নাম মাত্ৰ মুখ্যমন্ত্ৰী হ'ব৷ আতিশী মুখ্যমন্ত্ৰী হোৱা বিষয়টো দেশৰ নিৰাপত্তাৰ সৈতে পোনপটিয়াকৈ  জড়িত বুলি দাবী কৰিছে স্বাতী মালিৱালে৷

ইফালে আম আদমী পাৰ্টিয়ে স্বাতী মালিৱালৰ মন্তব্যৰ প্ৰত্যুত্তদি কয় যে যদি অলপমানো মান-সন্মান নৈতিকতা আছে আপৰ পৰা পদত্যাগ দাবী কৰিছে দলৰ জ্যেষ্ঠ নেতা দিলীপ পাণ্ডে৷ আপৰ জেষ্ঠ নেতা গৰাকীয়ে স্বাতী মালিৱালে বিজেপিৰ দ্বাৰা লিখিত কাহিনী পঢ়ে বুলি কটাক্ষ কৰে৷ দিলীপ পাণ্ডেই লগতে কয় যে ‘স্বাতী মালিৱালে বিজেপিৰ পৰা ৰাজ্যসভাৰ টিকট লোৱাৰ বাবে চেষ্টা কৰিব লাগে৷’  

উল্লেখযোগ্য যে ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক সলনি কৰিলেই আম আদমী পাৰ্টিৰ ভাগ্য সলনি নহয় বুলি কটাক্ষ কৰি মন্তব্য প্ৰদান কৰাৰ লগতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱেও কটাক্ষ কৰি কয় যে অৰবিন্দ কেজৰিৱালে অনিচ্ছা সত্ত্বেও আতিশী মাৰ্লিনাক মুখ্যমন্ত্ৰী পদ প্ৰদান কৰিছে। মুখখনহে সলনি হৈছে, দুৰ্নীতিগ্ৰস্ত চৰিত্ৰ একেই আছে বুলি মন্তব্য কৰিছে৷

দিল্লী চৰকাৰৰ এই সিদ্ধান্তৰ ৰাজনৈতিক মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷আপ দলৰ এই সিদ্ধান্ত ৰাজনৈতিক মহলত যিদৰে গ্ৰহণ নকৰক কিয় দিল্লীবাসীয়ে পুনৰ আন এগৰাকী উচ্চশিক্ষিত মুখ্যমন্ত্ৰী লাভ কৰিলে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?