--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেগৰী এ লকে (Gregory A. Locke) নামৰ নিউয়ৰ্কৰ এজন প্ৰশাসনিক ন্যায়াধীশক বৰ্খাস্ত কৰা হৈছে। বৰ্খাস্ত কৰাৰ কাৰণ হৈছে ন্যায়াধীশজনে সামাজিক মাধ্যমত পৰ্ণষ্টাৰৰ দৰে ফটো শ্বেয়াৰ কৰি আহিছে। জনপ্ৰিয় সামাজিক মাধ্যম 'অনলিফেন্স’ত (OnlyFans)-ত তেওঁ এইধৰণৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে৷ এনেকৈ তেওঁ ধনো ঘটিছে৷

ন্যায়াধীশগৰাকীৰ বয়স ৩৩৷ তেওঁৰ এই কাণ্ড ৰাজহুৱা হোৱাৰ পিছতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ আহ্বান জনোৱা হৈছিল৷  কিছু পৰ্ণগ্ৰাফিক কন্টেন্ট টুইটাৰতো তেওঁ পোষ্ট কৰিছিল৷ অৱশেষত যোৱা মঙলবাৰে তেওঁক ‘অপেছাদাৰী আচৰণ’ৰ বাবে বৰ্খাস্ত কৰা হৈছে৷ কোৱা হৈছে যে ন্যায়াধীশগৰাকীৰ এই আচৰণে আইনী প্ৰতিষ্ঠানৰ পেছাদাৰিত্ব আৰু নিৰপেক্ষতাৰ প্ৰতি জনসাধাৰণৰ আস্থাক মষিমূৰ কৰিছে।

কিন্তু নিজৰ কাণ্ডৰ বাবে কোনোধৰণৰ আক্ষেপ নাই গ্ৰেগৰীৰ৷ ন্যায়াধীশ পদৰ পৰা বৰ্খাস্ত হোৱাৰ পাছতে এটা সংগীত কনচাৰ্টত তেওঁ হাস্যমুখে অংশগ্ৰহণ কৰে৷ ইনষ্টাগ্ৰামত এই কনচাৰ্টৰ ভিডিঅ’ পোষ্ট কৰি তেওঁ হাঁহি থকা দেখা যায়৷

উল্লেখ্য যে ২০২০ চনৰ নৱেম্বৰৰ পৰা তেওঁ OnlyFans চাইটটোত আছে৷ তেওঁৰ ফটোসমূহ চাবলৈ দৰ্শকে মাহে ১২ ডলাৰ ভৰিব লাগে। তেওঁৰ JustFor.Fans নামৰ আন এটা চাইটতো তেওঁ নিজৰ উলংগ ফটো আৰু ভিডিঅ' চাবৰ বাবে মাহে ৯.৯৯ ডলাৰ লয়। তেওঁৰ OnlyFans একাউণ্টত লকে আনকি কৰ্মস্থলীত কেমেৰাৰ সন্মুখত হস্তমৈথুন কৰাৰ কথাও উল্লেখ কৰিছে৷ তেওঁৰ একাউণ্টৰ বিৱৰণীত লিখা আছে: ‘‘দিনত বগা কলাৰ পেছাদাৰী... ৰাতি অতি অপেছাদাৰী।’’

তেওঁৰ OnlyFans একাউণ্টত হাৰ্ডকোৰ পৰ্ণগ্ৰাফীসদৃশ কেইবা ডজনো ছবি আৰু ভিডিঅ’ আছে। ২০২২ চনৰ নৱেম্বৰ মাহত কেমেৰাৰ আগত হস্তমৈথুন কৰাৰ পূৰ্বে তেওঁ লিখিছিল, ‘‘মই এই কাম নকৰাকৈ কেতিয়াও কাম মনোনিৱেশ কৰিব নোৱাৰো৷’’

তেওঁৰ এই সকলো কাণ্ডৰ কথা নিয়োজিত হৈ থকা আদালতখনৰ বাবে সম্পূৰ্ণ অজ্ঞাত আছিল৷ নিজৰ বিকল্প টুইটাৰ একাউণ্টত লকে তেওঁ গৌৰৱেৰে লিখিছিল যে পৰ্ণ উদ্যোগত কাম কৰি থকাৰ সমান্তৰালভাৱে তেওঁ আইনী কৰ্তব্যও পালন কৰি আহিছে৷ টুইটাৰত তেওঁৰ ১ লাখ ৬০ হাজাৰৰো অধিক অনুগামী আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?