--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দল ঘোষণা কৰা হয়। পূৰ্ব চৰ্চিত ধৰণেই শৃংখলাটোত বিশ্ৰাম দিয়া হয় তিনি জেষ্ঠ খেলুৱৈ ক্ৰমে দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক। ঘোষিত দলটোত লোকেশ ৰাহুলক অধিনায়ক হিচাপে মনোনীত কৰাৰ বিপৰীতে ঋষভ পণ্টক সহ-অধিনায়কৰ ভাৰ অৰ্পণ কৰা হৈছে।

আনহাতে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙে। শেহতীয়াকৈ আই পি এলত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত বেগী বলাৰ দুজনে জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰে।

আনহাতে বিশ্ব ক্ৰিকেটত অন্যতম সফল স্পীন যুটি হিচাপে চৰ্চিত ‘কুলচা’ক পুনৰ এবাৰ একেলগে জাতীয় দলৰ পোচাকত দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ দুৰ্বল প্ৰদৰ্শনৰ বাবে জাতীয় দলৰ পৰা বাদ পৰা কুলদীপ যাদৱে চলিত আই পি এল- ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ২১ টা উইকেট দখল কৰিছিল। আনহাতে ২৬ টা উইকেটেৰে এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে চাহাল। 

আনহাতে ২০১৯ চলৰ পৰা ভাৰতীয় দলৰ পৰা বাহিৰত থকা দীনেশ কাৰ্তিকক পুনৰ এবাৰ দলত স্থান দিয়া হৈছে। চলিত আই পি এলত কাৰ্তিকে মাৰমুখী বেটিঙেৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াও দললৈ উভতি আহিছে।

আনহাতে আই পি এল- ৰ চলিত ছিজনত চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ চমৎকাৰ ফৰ্মত থকা ৰাহুল ত্ৰিপাঠীয়ে প্ৰথমবাৰ জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰিব বুলি চৰ্চিত হৈছিল যদিও নিৰ্বাচক কমিটিয়ে ১৮ জনীয়া টি-২০ দলটোত ত্ৰিপাঠীক অন্তৰ্ভুক্ত কৰা নাই। 

চলিত ছিজনত ত্ৰিপাঠীয়ে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ১৪ খন খেলত ১৫৮.২৪ ষ্ট্ৰাইক ৰেটেৰে ৪১৩ ৰাণ সংগ্ৰহ কৰিছিল। ২০১৭ চনত প্ৰথমবাৰৰ বাবে আই পি এলত অংশগ্ৰহণ কৰাৰ পাছৰে পৰা ত্ৰিপাঠীয়ে প্ৰতিটো ছিজনতে দৰ্শনীয় বেটিং প্ৰদৰ্শন কৰি আহিছে। 

ঘৰুৱা ক্ৰিকেটতো ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা ত্ৰিপাঠীয়ে এইবাৰ ভাৰতীয় দলত স্থান কৰিব বুলি ক্ৰিকেট অনুৰাগীৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলেও ধাৰণা কৰিছিল। কিন্তু পুনৰ এবাৰ নিৰ্বাচক কমিটিৰ দ্বাৰা ত্ৰিপাঠী উপেক্ষিত হোৱাৰ পিছত বিভিন্নজনে অসন্তুষ্টি ব্যক্ত কৰে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা ৯ জুনৰ পৰা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হ'ব।

ঘোষিত ভাৰতীয় দল: কে এল ৰাহুল (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, ঈশান কিষণ, দীপক হুডা, শ্ৰেয়স আয়াৰ, ঋষভ পন্ট, দিনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদীপ সিং, উমৰান মালিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?