--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
 ়়ডিজিটেল ডেস্ক: বিপৰীতে এতিয়ালৈকে সৰ্বনিম্ন স্তৰত উপনীত হৈছে টকা।প্ৰতি  ডলাৰৰ বিপৰীতে ৮১ টকালৈ হ্ৰাস পালে টকাৰ মূল্য ২৩ ছেপ্টেম্বৰ শুকুৰবাৰে টকাৰ মূল্য ডলাৰৰ বিপৰীতে সৰ্বনিম্ন স্তৰত উপনীত হয়। প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে ৩৯ পইচা হ্ৰাস হৈ  ৮১.১৮ টকালৈ অৱনমিত। ব্লুমবাৰ্গৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮০.৮৬ৰ স্তৰত বন্ধ হয়। বৃহস্পতিবাৰে টকাৰ পতন হৈছে ২৪ ফেব্ৰুৱাৰীৰ পিছত সৰ্বাধিক ৰূপত । বিশেষজ্ঞসকলৰ মতে, ডলাৰৰ বিপৰীতে টকা ৮১ বা ৮১.৫০ৰ স্তৰলৈ যাব পাৰে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে কয় যে চৰকাৰে বিনিময় হাৰ আৰু মুদ্ৰাস্ফীতিৰ ওপৰত নজৰ ৰাখিছে আৰু উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিছে।

আমেৰিকান ডলাৰ সূচকাংক ১১১ৰ ওপৰত আছে আৰু দুবছৰীয়া আমেৰিকান বণ্ডৰ ফলন বহুবছৰীয়া উচ্চতম ৪.১ শতাংশৰ ওপৰত আছে। এইবোৰ কাৰণতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ডলাৰৰ বিপৰীতে টকাৰ মূল্য অভিলেখ নিম্ন ৮১.২৩লৈ হ্ৰাস পায়।

পিটিআইত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ফৰেক্স ব্যৱসায়ীসকলে কয় যে আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ দ্বাৰা সুতৰ হাৰ ৭৫ ভিত্তি পইণ্ট বৃদ্ধি আৰু ইউক্ৰেইনত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক বিপদেও টকাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাইছে। এই কাৰণেই বিদেশী বজাৰত আমেৰিকাৰ মুদ্ৰা শক্তিশালী হৈছে। ঘৰুৱা ইকুইটি বজাৰৰ স্থিৰ ধাৰা, বিনিয়োগকাৰীৰ বিপদৰ ক্ষুধা হ্ৰাস পোৱা আৰু খাৰুৱা তেলৰ মূল্যবৃদ্ধিয়ে টকাত প্ৰভাৱ পেলাইছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?