--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘দলবাগৰা’ নীতি ভৰতীয় ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট৷ এই দেশত এটা দিনতে তিনিবাৰকৈ দল পৰিৱৰ্তন কৰাৰো নজিৰ আছে৷ যাৰ বাবে সেই সময়ছোৱাত ‘আয়া ৰাম গয়া ৰাম’ শীৰ্ষক শ্লগান জনপ্ৰিয় হৈ পৰিছিল৷ ক্ৰমবৰ্ধমান দলত্যাগৰ প্ৰৱনতা ৰোধ কৰি, ৰাজনৈতিক স্থিৰতা বৰ্তাই ৰখাৰ ববে ১৯৮৫ চনত ৫২ তম সংবিধান সংশোধনী আইনৰ জড়িয়তে দলত্যাগ বিৰোধী আইন (anti-defection law) প্ৰৱৰ্তন কৰা হৈছ্ল৷ সম্প্ৰতি এই আইন খনে চৰ্চা লাভ কৰিছে হিমাচল প্ৰদেশৰ বিধানসভাত গৃহীত হোৱা এখন বিধেয়কৰ বাবে৷      

দলত্যাগৰ প্ৰৱনতা হ্ৰাস কৰাৰ উদ্দেশ্যে হিমাচল প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ আজি হিমাচল প্ৰদেশৰ বিধানসভাত গৃহীত হৈছে দলত্যাগ কৰা বিধায়কৰ পেঞ্চনৰ সেৱা বন্ধ কৰা নতুন বিধেয়ক। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে বিধানসভাৰ অধিৱেশনত, হিমাচল প্ৰদেশ বিধানসভা(সদস্যৰ ভাট্টা আৰু পেঞ্চন) সংশোধনী বিধেয়ক ২০২৪(Himachal Pradesh Legislative Assembly(Allowances and Pension of Members)Amendment Bill 2024) উত্থাপন কৰে৷ এই আইন বিধান সভাত গৃহীত হৈছে বুলি জানিব পৰা গৈছে৷

ৰাজ্যখনত গৃহীত হোৱা এই নতুন বিধেয়ক অনুসৰি হিমাচল প্ৰদেশৰ কোনো বিধায়কে নিজৰ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিলে সেই বিধায়ক পেঞ্চনৰ পৰা বঞ্চিত হ’ব। দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা হোৱা বিধায়কৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই অইন৷  
উল্লেখযোগ্য যে শেহতীয়াকৈ ছজন কৈ কংগ্ৰেছ বিধায়ক দলত্যাগ বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষিত হৈছে৷ হিমাচল প্ৰদেশ চৰকাৰৰ এই পদক্ষেপ ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত দলত্যাগৰ প্ৰৱনতা হ্ৰাস কৰাৰ ক্ষেত্ৰ মাইলৰ খুটি হিচাপে পৰিগণিত হ’ব বুলি ক’ব পাৰি৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?