--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন কাম-কাজৰ পৰা নিজৰ বাবে কিছু সময় উলিয়াই লোৱাটো অতি প্ৰয়োজনীয়। যদি আপুনি বহু সময় ৰাহি কৰিব নোৱাৰে তেন্তে দিনটোত মাত্ৰ ৫ মিনিট সময় উলিয়াই ধ্যান কৰক। এই কাম কৰিলে আপুনি কিমান লাভ পাব জানি লওক।

দৈনন্দিন কাম-কাজৰ পৰা নিজৰ বাবে মাত্ৰ ৫ মিনিট সময় উলিয়াই আপুনি আপোনাৰ শৰীৰক বহুতো উপকাৰ দিব পাৰে। ধ্যান হৈছে যোগৰ এক শক্তিশালী অভ্যাস যাৰ দ্বাৰা মনক নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ লগতে ধ্যান কৰি সমগ্ৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিব পাৰি। যদিও মানুহে কমেও ১৫ মিনিট ধ্যান কৰে, কিন্তু আজিৰ ব্যস্ত জীৱনশৈলীত নিজৰ বাবে সময় বিচাৰি পোৱাটো অতি কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত যদি আপুনি মাত্ৰ ৫ মিনিট সময় উলিয়াই ধ্যান কৰে তেন্তে আপুনি বহু উপকাৰ লাভ কৰিব পাৰিব। দৈনিক পাঁচ মিনিট ধ্যান কৰাৰ উপকাৰিতাৰ বিষয়ে জানি লওক-

ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক

বহু গৱেষণাৰ পৰা দেখা গৈছে যে ধ্যান-ধাৰণাই ৰক্তচাপ কমোৱাৰ বাবে ঔষধৰ দৰে কাম কৰিব পাৰে। ধ্যান কৰিলে শৰীৰে মানসিক চাপৰ হৰম’নৰ প্ৰতি কম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, যিয়ে ৰক্তচাপ হ্ৰাস কৰাত সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

ফোকাচ বৃদ্ধি পায়

এটা অধ্যয়নত দেখা গৈছে যে ধ্যান কৰিলে কামত একাগ্ৰতা বৃদ্ধি পায়। ইয়াৰ উপৰিও ধ্যানকাৰীসকলে স্মৃতি গঠন কৰি সহজে সিদ্ধান্ত ল’বলৈ সক্ষম হয়।

মানসিক চাপ কম হয়

বেছিভাগ মানুহেই ভৱিষ্যতক লৈ চিন্তিত আৰু প্ৰায়ে এই বিষয়টোক লৈ চিন্তিত হৈয়েই থাকে। কিন্তু ধ্যান কৰিলে চিন্তাৰ দৌৰৰ পৰা নিজকে পৃথক কৰিবলৈ সক্ষম হয় আৰু বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰি মানসিক চাপ কমি যায়।

ভাল টোপনিৰ বাবে উপকাৰী

ধ্যান কৰি মনটো শান্ত কৰিব পাৰি। ইয়াৰ উপৰিও ধ্যান কৰিলে টোপনিৰ মান উন্নত হয়।

হজম শক্তি উন্নত কৰা

মানসিক চাপে প্ৰত্যক্ষভাৱে পাচনতন্ত্ৰত প্ৰভাৱ পেলায়। মানসিক চাপৰ ফলত পেট ফুলা, এচিড ৰিফ্লাক্স, আলচাৰ আনকি খাদ্যৰ এলাৰ্জীও হ’ব পাৰে। ধ্যান কৰিলে শৰীৰে শিথিলতা অনুভৱ কৰে, যাৰ বাবে পেট ফুলা, ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ লক্ষণসমূহে দেখা দিয়া হ্ৰাস পায়৷ 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?