--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত সূৰ্য্য দেৱতাক জল উৎসৰ্গ কৰাৰ মহত্ব আছে। কোৱা হয় যে নিয়মিত স্নানৰ পাছত সূৰ্য্য দেৱতাক পূৰ্ণ অৰ্ঘ্য প্ৰদান কৰিলে সুফল পোৱা যায়। এদিনতে ব্যক্তিজনৰ দুৰ্ভাগ্য দূৰ হৈ ভাগ্য সূৰ্য্যৰ দৰে জিলিকিবলৈ ধৰে। কিন্তু শাস্ত্ৰত সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰাৰ বিষয়ে কিছু নিয়মৰ কথা কোৱা হৈছে। যদি এই নিয়মবোৰ মানি যথাযথভাৱে দৈনিক পুৱা স্নান কৰাৰ পাছত সূৰ্য্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰা হয়, তেন্তে এদিনতে জিলিকি উঠিব আপোনাৰ ভাগ্য।

 অধিকাংশ লোকে পুৱা স্নান কৰি সূৰ্য্য দেৱতাক পানী অৰ্পণ কৰে। কোৱা হয় যে সূৰ্য্য দেৱতাক জল উৎসৰ্গা কৰিলে বহুতো উপকাৰ পোৱা যায়। কিন্তু ইয়াত নিয়মৰ অলপ ভুল হ’লেই পূজাৰ ফল পোৱা নাযায়। সেয়েহে সূৰ্য্য দেৱতাক সঠিকভাৱে পূজা-অৰ্চনা কৰিলেহে পূজাৰ সম্পূৰ্ণ ফল লাভ কৰে বুলি বিশ্বাস আছে।      

সূৰ্য্য দেৱতাক অৰ্ঘ্য প্ৰদানৰ সময়ত মনত ৰাখিবলগীয়া কেইটামান কথা-

 ১. শাস্ত্ৰত কোৱা হৈছে যে সূৰ্য্য দেৱতাক জল অৰ্পণ কৰাৰ সময়ত সদায় তামৰ পাত্ৰ ব্যৱহাৰ কৰা উচিত। কাৰণ তাম হৈছে সূৰ্য্যৰ ধাতু।

 ২. পুৱা সূৰ্য্যদেৱক অৰ্ঘ্য অৰ্পণৰ সময়ত পানীত অক্ষত চাউল, সেন্দূৰ, ফুল আদি অন্তৰ্ভুক্ত কৰক। পূৰ্ণ অৰ্ঘ্য দিয়াৰ পাছতহে সূৰ্য্য দেৱতাৰ আশীৰ্বাদ লাভ কৰিব পাৰি।

 ৩. আপুনি সূৰ্য্য দেৱতাক জল অৰ্পণৰ সময়ত গায়ত্ৰী মন্ত্ৰ জপ কৰিব।

 ৪. সূৰ্য্য দেৱতাক পানী আগবঢ়োৱাৰ সময়ত পানীৰ ধাৰাৰে সূৰ্য্যলৈ চালে চকুৰ দৃষ্টিশক্তি অক্ষুণ্ণ হৈ থাকে বুলি বিশ্বাস কৰা হয়।

 ৫. সূৰ্য দেৱতাক পানী অৰ্পণ কৰাৰ পাছত মাটিত পৰা পানী মূৰত লগাব লাগে। এনে কৰিলে সূৰ্য্য ভগৱানে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰে।

 ৬. সূৰ্য্য দেৱতাক আত্মাৰ কাৰক হিচাপে গণ্য কৰা হয়।

 ৭. সূৰ্য্য দেৱতাক আন্তৰিকতাৰে পূজা কৰিলে এজন ব্যক্তিয়ে জীৱনত সন্মান আৰু সুউচ্চ আসন লাভ কৰে বুলি বিশ্বাস কৰা হয়।

 ৮. যিসকল লোকৰ ৰাশিত সূৰ্য্য দুৰ্বল, তেওঁলোক সকলো চৰকাৰী কামৰ পৰা বঞ্চিত হয়। ব্যৱসায়তো লোকচান হোৱাৰ লগতে অফিচতো বিবাদৰ সন্মুখীন হ’বলগা হয়।

 ৯. সূৰ্য্য দেৱতাক নিয়মিতভাৱে অৰ্ঘ্য প্ৰদান কৰিলে সূৰ্য্যদেৱ ব্যক্তিজনৰ ৰাশিফলত শক্তিশালী হৈ পৰে।

 ১০. সূৰ্য্য দেৱতাক পূজা কৰিলে শত্ৰু আৰু ৰোগ নাশ হয় বুলিও কোৱা হয়। একে সময়তে ভয়ৰ পৰা মুক্তিও লাভ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?