--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত দশেৰাক এক ডাঙৰ উৎসৱ হিচাপে গণ্য কৰা হয়। শাৰদীয় নৱৰাত্ৰিৰ পাছৰ দশমদিনা দশেৰা উদযাপন কৰা হয়। ইয়াক বিজয়দশমী বুলিও কোৱা হয় কাৰণ আজিৰ দিনটোতে মাদুৰ্গাই মহিষাসুৰক বধ কৰিছিল আৰু ভগৱান ৰামে অহংকাৰী ৰাৱণক বধ কৰিছিল। সেয়ে অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় হিচাপে আজিৰ দিনটোত ৰাৱণ দাহ কৰা হয়। ইয়াৰ উপৰি অস্ত্ৰ-শস্ত্ৰ আৰু বাহনৰ পূজাও কৰা হয়। দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈও এই দিনটো অতি বিশেষ বুলি বিশ্বাস কৰা হয়। দশেৰাৰ দিনা কৰা প্ৰতিকাৰ, দান আৰু পূজা-অৰ্চনাবোৰে দ্ৰুত প্ৰভাৱ পেলায়। আজি আমি দশেৰাৰ দিনা ৩টা বস্তু দান কৰাৰ গুৰুত্ব আছে, গোপনে দান কৰিলে মালক্ষ্মী অতি সোনকালে সন্তুষ্ট হয়। জানো আহক কি কি?

 দশেৰাত দান কৰক-

দশেৰাৰ দিনটোৱে কঢ়িয়াই আনে অপৰিসীম সুখ আৰু সমৃদ্ধি। সেয়েহে এই দিনটোত এনেধৰণৰ কাম কৰিব লাগে যিবোৰে মালক্ষ্মীক সন্তুষ্ট কৰে। দশেৰাৰ দিনা ৩টা বস্তু গোপনে দান কৰি অচিৰেই মালক্ষ্মীক সন্তুষ্ট হয়। দশেৰাৰ দিনা যিকোনো মন্দিৰত নতুন ঝাড়ু দান কৰক। ইয়াৰ ফলত মালক্ষ্মীক সুখ আৰু সমৃদ্ধি প্ৰদানৰ বাবে প্ৰাৰ্থনা কৰক। ইয়াৰ বাহিৰেও দশেৰা দিনা ৰাৱণ দাহ কৰাৰ পাছত গোপনে খাদ্য, পানী আৰু বস্ত্ৰদান কৰিব লাগে। এনে কৰি মালক্ষ্মী সদায় আশীৰ্বাদ দিয়ে আৰু কেতিয়াও ধনৰ অভাৱ হ’বলৈ নিদিয়ে।

 দশেৰাৰ দিনা এনে কৰা শুভ-

ইয়াৰ বাহিৰেও দশেৰাক লৈ আন বহুতো বিশ্বাস আছে। যেনেকৈ দশেৰাৰ দিনা সোণ, ৰূপ, গাড়ী আদিৰ দৰে বহুমূলীয়া বস্তু কিনাটো অতি শুভ। এই দিনটোত এইবোৰ বস্তু কিনিলে গোটেই বছৰটো ঘৰত সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও দশেৰাৰ দিনা নীলকণ্ঠ চৰাই দেখা আৰু পাণ খোৱাটোও অতি শুভ বুলি গণ্য কৰা হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?