--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত জীৱনক লৈ প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে ৰাখী সাৱন্তে। অৱশ্যে দুবাৰ বিবাহপাশত আবদ্ধ হৈছে অভিনেত্ৰীগৰাকী। কিন্তু তেওঁৰ দুয়োখন বিয়া ভাঙি গ’ল। এতিয়া ৰাখীয়ে তৃতীয়বাৰৰ বাবে বিয়া পাতিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ৷ কিন্তু এইবাৰ ভাৰতত নহয়,পাকিস্তানত হ’ব তেওঁৰ বিবাহ ৷ৰাখীয়ে শেহতীয়াকৈ ভ্ৰমণৰ সময়ত লাভ কৰা বিবাহৰ সু প্ৰস্তাৱৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ পাকিস্তানৰ বিবাহৰ কথা কয়। অভিনেত্ৰীগৰাকীয়ে কয়, ‘পাকিস্তানৰ পৰা মোৰ বহুত প্ৰস্তাৱ আহি আছে। মই পাকিস্তানলৈ যোৱাৰ সময়ত তেওঁলোকে দেখিছিল যে মোৰ আগৰ দুখন বিয়াত মোক কিমান হাৰাশাস্তি কৰা হৈছিল। মই নিশ্চয় পাকিস্তানত বিয়া হোৱাৰ কথা চিন্তা কৰিম।' ৰাখীয়ে কয় যে বহু পাকিস্তানী আৰু ভাৰতীয় দম্পতীয়ে বিবাহপাশত আবদ্ধ হৈ আমেৰিকা আৰু ডুবাইত বসতি স্থাপন কৰি সুন্দৰ জীৱন যাপন কৰি আছে। এই ধৰণৰ বিবাহে দুয়োখন দেশৰ মাজত শান্তি আৰু বুজাবুজিৰ সৃষ্টি কৰে। ভাৰতীয় আৰু পাকিস্তানীয়ে ইজনে সিজনৰ অবিহনে একো কৰিব নোৱাৰে। মই পাকিস্তানী মানুহ ভাল পাওঁ আৰু পাকিস্তানতো মোৰ অনুৰাগী আছে।

কথিত প্ৰেমিক ডোদী খানৰ বিষয়ে কওঁতে ৰাখীয়ে কয় যে তেওঁ এজন অভিনেতা আৰু এজন আৰক্ষী বিষয়া । ৰাখীয়ে ক’লে, ‘পাকিস্তানতেই হ’ব বিয়া। ৰিচেপচন ভাৰতত হব আৰু আমি হানিমুনৰ বাবে চুইজাৰলেণ্ড বা নেদাৰলেণ্ডলৈ যাম। আমি ডুবাইত বসতি স্থাপন কৰিম। 

ৰাখী সাৱন্তৰ ভাঙি যোৱা দুখন বিবাহ

উল্লেখ্য যে, ইয়াৰ আগতে ৰাখীৰ বিয়া হৈছিল ৰিতেশ সিঙৰ সৈতে। তেওঁ ৰিতেশৰ লগত বিগ বছলৈ গৈছিল। অৱশ্যে ৰাখী আৰু ৰিতেশৰ এই বিবাহ স্থায়ী নহ’ল।

দ্বিতীয় বিবাহ আছিল আদিল খান দুৰানীৰ সৈতে। তেওঁৰ লগতো অভিনেত্ৰীগৰাকীৰ বিচ্ছেদ হৈছে। ৰাখীয়ে আদিল খান দুৰানীৰ বিৰুদ্ধেও কেইবাটাও অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁক জেললৈও প্ৰেৰণ কৰিছিল। আদিলে সোমী আলীৰ লগত বিবাহপাশত আবদ্ধ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?