--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে বাংলাদেশলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ বাংলাদেশত ভালেমান অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে৷ কৰ'না সংক্ৰমণৰ পাছৰ পৰ্যায়ত এয়া প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ৷ টুইটযোগে তেওঁৰ এই ভ্ৰমণৰ কথা সদৰি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : সাজু নিৰ্বাচন আয়োগঃ স্পৰ্শকাতৰ ভোটকেন্দ্ৰত নিয়োগ হ’ব অৰ্ধসামৰিক বাহিনী

তেওঁ প্ৰকাশ কৰিছে যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হচিনাৰ আমন্ত্ৰণ ৰক্ষাৰ্থে ২৬-২৭ মাৰ্চত তেওঁ বাংলাদেশ ভ্ৰমণ কৰিব আৰু শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত তেওঁৰ অংশগ্ৰহণ কৰিব। চুবুৰীয়া দেশখনৰ অৰ্থনৈতিক আৰু উন্নয়নমূলক দেশখনৰে বিভিন্ন দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাৰ দিশত তেওঁৰ এই ভ্ৰমণ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে।

আৰু পঢ়িব পাৰিব : ‘মোক ভোট দিয়ক, পাব হেলিকপ্টাৰ, যাব পাৰিব চন্দ্ৰ ভ্ৰমণলৈ!’

ইফালে, শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন আৰু বাংলাদেশৰ পিতৃপুৰুষ শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশ ল'ব বুলি জানিবলৈ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, 'বঙ্গবন্ধু' যোৱা শতিকাৰ অন্যতম শ্ৰেষ্ঠ নেতা আছিল, যাৰ জীৱন আৰু আদৰ্শেৰে লাখ লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?