--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৰামনগৰ : উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ইটোৰ পাছত সিটো উদ্ভট মন্তব্য কৰা আৰম্ভ কৰিছে তীৰথ সিং ৰাৱটে। দেওবাৰে ৰাৱটে কৰা এটা মন্তব্যই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপি চৰকাৰৰ মুৰব্বী ৰাৱটে দুখীয়া পৰিয়ালক অধিক ৰেচন লাভ কৰাৰ বাবে ২০টা সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিছে। প্ৰতিজনক চৰকাৰী আঁচনি অনুসৰি যিহেতু ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়, সেয়েহে পৰিয়ালৰ সদস্যৰ সংখ্যা ২০জন হ'লে পৰিয়ালটোৱে ১০০ কিলোগ্ৰাম ৰেচন লাভ কৰিবলৈ সক্ষম হ’ ব।

আৰু পঢ়িব পাৰিব : অসমত কেন্দ্ৰীয় নেতাৰ ভিৰ, আজি শ্বাহ, নাড্ডাৰ প্ৰচাৰ

তেওঁৰ এই উদ্ভট যুক্তিৰ বিষয়ে সংবাদ প্ৰতিষ্ঠান এএনআয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, ‘পৰিয়ালৰ প্ৰতিজন সদস্যকে ৫ কিলোগ্ৰামকৈ ৰেচন দিয়া হয়। যদি এখন ঘৰত ১০জন সদস্য থাকে তেন্তে তেওঁলোকে ৫০ কিলোগ্ৰাম ৰেচন লাভ কৰিব। কিছুমান মানুহে ঈৰ্ষা কৰে যে তেওঁলোকে পৰিয়ালৰ সদস্য কম কাৰণে ১০ কিলোগ্ৰাম ৰেচন পায়, কিন্তু কিছুমানে এক কুইণ্টল ৰেচন লাভ কৰে। কিয়? সময় থাকোঁতে আপোনালোকে কিয় দুটা সন্তান জন্ম দিলে, ২০টা কিয় নিদিলে?’

আৰু পঢ়িব পাৰিব : ভাল খবৰঃ কম মূল্যত বজাৰত উপলব্ধ হ’ব পেট্ৰল-ডিজেল

কেৱল চৰকাৰী ৰেচনৰ আশাতে দৰিদ্ৰ পৰিয়ালক অধিক সন্তান জন্ম দিবলৈ পৰামৰ্শ দিয়া ৰাৱটৰ এই পৰামৰ্শক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ১০মাৰ্চত তেওঁ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?