ডিজিটেল ডেস্ক: কন্ঠশিল্পী তথা সুৰকাৰ এ আৰ ৰহমানে বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পিছৰে পৰা অহৰহ বিতৰ্কৰ সন্মুখীন হৈ আহিছে। পত্নী ছাইৰা বানুৰ সৈতে ২৯ বছৰীয়া বিবাহ বিচ্ছেদত গভীৰ শোক প্ৰকাশ কৰিছে যদিও অনুৰাগীসকলে সেয়া মানি ল’ব পৰা নাই।

আচলতে যেতিয়া এআৰ ৰহমানে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল তেতিয়া তেওঁ ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছিল। কিছু ঘণ্টাৰ পাছত তেওঁৰ সৈতে কাম কৰা সহযোগী মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে ছচিয়েল মিডিয়াত জল্পনা-কল্পনা আৰম্ভ হয় যে এআৰ ৰহমান আৰু মহিনী দে’ৰ মাজত কিবা এটা নিশ্চয় সম্পৰ্ক আছে।
বৰ্তমান এই উৰাবাতৰিৰ মাজতে এআৰ ৰহমানে এক বৃহৎ পদক্ষেপ গ্ৰহন কৰিছে । তেওঁ ‘সকলো বদনামকাৰী’লৈ আইনী জাননী প্ৰেৰণ কৰিছে। এআৰ ৰহমানে ছ’চিয়েল মিডিয়াত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰি মোহিনী দে’ৰ সৈতে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা সকলো লিখনি আঁতৰাই দিবলৈ অনুৰোধ কৰে।
এআৰ ৰহমানৰ অধিবক্তাই কয় যে ‘২৪ ঘণ্টাৰ ভিতৰত ছ’চিয়েল মিডিয়াত বিয়পি পৰা সকলো মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ কোৱা হৈছে, আৰু যদি সেয়া নকৰে তেতিয়া আমি অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিব, য’ত অভিযুক্তক দুবছৰ পৰ্যন্ত কাৰাদণ্ড শাস্তি বা জৰিমনা বিহা হব পাৰে।’
অস্কাৰ বিজয়ী সুৰকাৰ এআৰ ৰহমান আৰু তেওঁৰ পত্নী ছাইৰা বানুৰ বিবাহ হয় ১৯৯৫ চনত। কিন্তু প্ৰায় ২৯ বছৰ বিবাহৰ অন্তত সিহঁতে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ অধিবক্তা বন্দনা শ্বাহে এই কথা নিশ্চিত কৰি কয় যে দুয়োজনে পাৰস্পৰিক সন্মতিৰে এই সিদ্ধান্ত লৈছে। বহুদিন দুয়োৰে মাজত কিছু সমস্যা চলি আছিল। তেওঁ পৰিয়ালটোৰ গোপনীয়তাৰ ওপৰত কয় যে এই কঠিন সময়ত তেওঁলোকৰ গোপনীয়তাক সন্মান কৰা উচিত।