--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাকাৰ্টাত চলি থকা এছিয়া কাপ হকীত বৃহস্পতিবাৰে বৃহৎ বিজয়েৰে ছুপাৰ-৪ ত প্ৰৱেশ কৰিছে ভাৰতীয় পুৰুষ হকী দলে। প্ৰতিযোগিতাখনৰ অন্তিমখন গ্ৰুপ মেচত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ইণ্ডোনেছিয়াক ১৬-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ভাৰতে প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ড্ৰ খেলাৰ পিছত দ্বিতীয়খন খেলত জাপানৰ হাতত ২-৩ গলৰ ব্যৱধানত পৰাস্ত হয়।

এনে অৱস্থাত অন্তিম চাৰিত প্ৰৱেশৰ বাবে ভাৰতে অন্তিমখন গ্ৰুপ মেচত ১৫ গলৰ ব্যৱধানত জয়ী হোৱাৰ প্ৰয়োজন আছিল। ইণ্ডোনেছিয়াৰ বিৰুদ্ধে মেচখনত অন্তিম কোৱাৰ্টাৰত ছটাকৈ গল স্ক’ৰ কৰি ছুপাৰ- ৪ ৰ পথ প্ৰশস্ত কৰে ভাৰতে। 

পুল এ- ত জাপানে ৯ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানে চাৰি পইণ্টকৈ সংগ্ৰহ কৰিছিল। কিন্তু উন্নত গলৰ হাৰৰ বাবে ভাৰতে দ্বিতীয় স্থান লাভ কৰাৰ সুবাদত ভাৰতে ছুপাৰ- ৪ ত প্ৰৱেশ কৰে। 

ভাৰতৰ জয়ৰ লগে লগে পাকিস্তান এছিয়া কাপৰ পৰা বাহিৰ হয়। লগতে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ হকীলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হয় পাকিস্তান। এছিয়া কাপৰ শীৰ্ষ তিনিটা দলে বিশ্বকাপলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। 

বৃহস্পতিবাৰৰ মেচখনত ১০ মিনিটত ভাৰতে পৱন ৰাজৱৰৰ গলেৰে গলৰ পাতনি মেলে। ইয়াৰ পাছতে ইণ্ডোনেছিয়াৰ গলবক্সত উপৰ্যুপৰি আক্ৰমণেৰে ব্যতিব্যস্ত কৰি তোলে ভাৰতৰ আক্ৰমণ বিভাগে। ভাৰতৰ হৈ দীপচন তিৰ্কীয়ে পাঁচটা গল স্ক’ৰ কৰাৰ বিপৰীতে সুদেৱ বেলিমগ্গাই তিনিটা গল দিয়ে। 

দুটাকৈ গল কৰে চেলভম কাৰ্থি, সোমৱাৰপট সুনীল আৰু ৰাজৱৰে। আনহাতে উত্তম সিং, বীৰেন্দ্ৰ লাক্ৰা আৰু নীলমে এটাকৈ গল স্ক’ৰ কৰে।

সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে ১৯ টা স্ক’ৰ কৰাৰ বিপৰীতে হজম কৰে ৬ টা গল।  

পুল এ- ৰ পৰা শীৰ্ষ দুটা দল জাপান আৰু ভাৰতে ছুপাৰ-৪ লৈ উন্নীত হোৱাৰ বিপৰীতে পুল বি- ৰ পৰা মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াই ছুপাৰ-৪লৈ উন্নীত হৈছে।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?